Guwahati Two Deadbody Recovered:মহানগৰীত ২৪ ঘন্টাত উদ্ধাৰ দুটা মৃতদেহ

চানমাৰিত এটা বস্তাৰ ভিতৰত উদ্ধাৰ মৃতদেহ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ নলাত উদ্ধাৰ

deadbody recovered

Guwahati Two Deadbody Recovered:

লক্ষ্মী পূজাৰ আনন্দ উছাহৰ মাজত মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ। শনিবাৰে পুৱাৰ ভাগতে ভিন্নস্থানত উদ্ধাৰ হয় দুটাকৈ মৃতদেহ

এটা মৃতদেহ উজান বজাৰত উদ্ধাৰ হোৱাৰ বিপৰীতে আনটো মৃতদেহ উদ্ধাৰ হয় অসম চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ ওচৰৰ নলাত ৷

উজান বজাৰত উদ্ধাৰ হোৱা যুৱকজন সেই অঞ্চলৰে ৰূপম দাস বুলি চিনাক্ত কৰা হয়৷যোৱা কালিৰে পৰা যুৱকজন নিৰুদ্দেশ হৈ আছিল ৷

আনহাতে,চানমাৰিঅভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ ওচৰৰ নলাত হোৱা মৃতদেহটো এজন যুৱকৰ ৷ এটা বগা বস্তাৰ ভিতৰত বান্ধি থোৱাৰ অৱস্থাত আছিল মৃতদেহটো

এই পৰ্যন্ত চিনাক্ত কৰা হোৱা নাই এই মৃতদেহ। ইতিমধ্যে চানমাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে,মৃতদেহটো উদ্ধাৰ হোৱা বস্তাত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে এইয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে যদিও তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version