Sarat Borkotoky Passes Away:বৰ্ষীয়ান ৰাজনীতিক প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান

৮৮ বছৰ বয়সত জি এম চি এইছত শেষ নিশ্বাস ত্যাগ, ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পাদনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

sarat bar

Sarat Borkotoky Passes Away:

ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে নিশা ১-৩০ বআাত ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে,জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকী শাৰীৰিক অৱস্থা গুৰুত্বৰ হোৱাত পৰিয়ালৰ লোকে ১৬ অক্টোবৰত ভৰ্তি কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ তেতিয়াৰ পৰাই বৰকটকীৰ চিকিৎসা চলি আছিল ।

স্মতৰ্ৱ্য যে,বলিষ্ঠ কংগ্ৰেছ নেতাজন শিৱসাগৰ জিলাৰ সোণাৰি সমষ্টিৰ পৰা১৯৯১ৰ পৰা ২৯১৬ লৈকে একেৰাহে পাঁচবাৰকৈ কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । আনহাতে বৰ্ষীয়ান ৰাজনীতিক গৰাকী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত গড়কপ্টানী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তদুপৰি বৰকটকী ২৯১৫ চনত গগৈ কেবিনেটত শিক্ষামন্ত্ৰী আছিল ৷

সোণাৰি সমষ্টিৰ পৰা একেৰাহে পাঁচটাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল যদিও ২০১৬ ৰ বিধান সভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী তপন গগৈৰ হাতত পৰাভূত হয় ৷
প্ৰয়াত বয়োজ্যেষ্ঠ কংগ্ৰেছ নেতা বৰকটকী চৰাইদেউ জিলাৰ(পূৰ্বতে শিৱসাগৰ জিলাৰ)মথুৰাপুৰত জন্মগ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল বৰকটকী ৷

শৰৎ বৰকটকী তৰুণ গগৈ মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী ৰূপে থকাৰ সময়তে শিৱসাগৰ জিলাৰ অন্যতম মহকুমা হিচাপে ঘোষিত হৈছিল চৰাইদেও ৷ পাছতে বৰকটকীৰ তৎপৰতাতে চৰাইদেউ জিলাৰ মৰ্যাদা লাভ কৰিছিল ।

প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ চকুহাল দান দি যায় ৷ ইতিমধ্যে বৰকটকীৰ নশ্বৰ দেহ জি এমচি এইছৰ পৰা পুস্পসজ্জিত বাহনত উঠাই প্ৰথমে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ নিয়া হয় ৷ ৰাজিৱ ভৱনত কংগ্ৰেছৰ বৰ্ষীয়ান নেতা গৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনায় এপিচিচিৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,কংগ্ৰেছৰ বিধায়ক সকল,বিভিন্ন শাখা সংগঠনৰ নেতৃত্বই ৷ তাৰ পৰা বৰকটকীৰ পাৰ্থিৱ শৰীৰ নিয়া হয় মহানগৰীৰ উলুবাৰীস্থ বাসগৃহলৈ ৷

পৰিয়াল সূত্ৰে জানিব পৰা মতে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ আজি বিয়লী ভাগত তেওঁৰ কৰ্মভূমি সোণাৰিলৈ নিয়া হ’ব ৷ সোণাৰিতেই ৰাজ্যিক মৰ্যাদাৰে বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷

মনকৰিবলগীয়া যে,প্ৰয়াত বৰকটকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰণ গগৈ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীৰ সহপাঠী আছিল ৷

প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্রেছে। এক শোকবার্তাত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে শিক্ষকতাৰে জীৱনৰ পাতনি মেলা অসমৰ প্ৰাক্তন মন্ত্ৰী এগৰাকী দলৰ জ্যেষ্ঠ নেতা তথা জীৱনৰ শেষ দিনটোলৈকৈ প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা শৰৎ বৰকটকীৰ বিয়োগ দলৰ লগতে সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি

দলৰ কোষাধ্যক্ষ হিচাপে আগবঢ়াই অহা সহায়-সহযোগিতাকো স্মৰণ কৰে প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেখেতৰ বিয়োগৰ সংবাদ পাই কংগ্ৰেছ দলৰ প্ৰতিগৰাকী নেতা-কৰ্মী মৰ্মাহত হৈ পৰিছে আৰু তেখেতৰ আত্মাৰসদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ প্ৰদেশ কংগ্ৰেছে গভীৰ সমবেদন জ্ঞাপন কৰিছে।

আনপিনে,জ্যেষ্ঠ ৰাজনীতিবিদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ বিয়োগৰ বাতৰিত মৰ্মাহত হৈছোঁ ৷ এগৰাকী দক্ষ ৰাজনীতিবিদ তথা নিকা ব্যক্তিত্বৰ অধিকাৰী বৰকটকীক বহু বছৰ সতীৰ্থ হিচাপে পাওঁতে তেখেতৰ পৰা বিভিন্ন কথা শিকিবলৈ পোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তেখেতৰ মৃত্যুত অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক বৃহৎ ক্ষতি বুলি অভিহিত কৰে ৷

মুখ্যমন্ত্ৰীয়ে প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় ৷

তদুপৰি মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পাৰ্থিৱ শৰীৰ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰা হ’ব বুলি সদৰি কৰি ইতিমধ্যে চৰাইদেউ জিলা প্ৰশাসনক যাবতীয় পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে ৷

Exit mobile version