Vice- President Jagdeep Dhankhar Visit Cotton University And Royal Global University:এদিনীয়া কাৰ্যসূচীৰে সোমবাৰে অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰে মতবিনিময়,ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনটো অংশগ্ৰহণ উপ-ৰাষ্ট্ৰপতিৰ

dhankher 2

Vice- President Jagdeep Dhankhar Visit Cotton University And Royal Global University:

দেশৰ ৰাষ্ট্ৰপতি জগদীপ ধনখড় সোমবাৰে এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয় ৷ গুৱাহাটী এয়াৰপৰ্ট উপ- ৰাষ্ট্ৰপতি গৰাকীক উস্ম আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই ৷
ইয়াৰ পাছতে উপ- ৰাষ্ট্ৰপতি গৰাকী ৰাওনা হয় কটন বিশ্ববিদ্যালয়লৈ ৷

কটন বিশ্ববিদ্যালয়ৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰে মতবিনিময় কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷ সততে আন্দোলনৰ পথ বাচি লোৱা সকলৰ সন্দৰ্ভত কয়, ৰাজপথত আন্দোলন কৰাৰ সলনি দেশৰ ন্যায়িক ব্যৱস্থাত বিশ্বাস কৰিবলৈ আহ্বান জনায়।

আনহাতে উপ- ৰাষ্ট্ৰপতি গৰাকীয়ে কয়,কিছু সংখ্যক লোক আছে যিয়ে ন্যায়পালিকা বা তদন্ত সংস্থাৰ পৰা চমন লাভ কৰিলে ৰাজপথলৈ ওলাই আহে । এইটো ভাল পথ নহয় ৷ যিহেতু দেশত ন্যায়িক ব্যৱস্থা বৰ্তি আছে ৷ এনেক্ষেত্ৰত শক্তিশালী ন্যায়িক ব্যৱস্থাৰ দ্বাৰস্থ হৈ ইয়াৰ লাভালাভ ল’ব লাগে ।

অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু উপস্থিত থাকে ৷

ইয়াৰ পাছতে উপ- ৰাষ্ট্ৰপতি জগদীপ ধনখড় উপস্থিত হয় ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনৰ অনুষ্ঠানত । বিশ্ববিদ্যালয় খনৰ আৰ্চাযই আঁত ধৰা অনুষ্ঠানত মুঠ ১১৯৬ গৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰে উপ-ৰাষ্ট্ৰপতি ধনখড় আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া,শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু আৰু মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ ৷

Exit mobile version