Arvind Kajriwal:
বহুচৰ্চিতদিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত নতুন দিল্লীস্থ ইডিৰ কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুই নৱেম্বৰত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে ইডি-এ ৷
উল্লেখ্য যে,দিল্লীৰ প্ৰাদেশিক আবকাৰী নীতি ২০২১-২২ অধীনত একাধিক অনিয়মৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে চিবিআই-এ পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিতে ইডিয়েও ৰজু কৰিছে আন এক গোচৰ ৷
মনকৰিবলগীয়া যে, উল্লিখিত গোচৰতে ইতিমধ্যে কাৰাগাৰত আছে আপৰ দুই শীৰ্ষ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং।
চিছ’দিয়াক ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পাঁচ অক্টোবৰত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ইডিয়ে কেইবাঘণ্টাযোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই জামিনৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও সোমবাৰে আদালতে জামিন দিয়াৰ পৰা বিৰত থাকে ৷