Deadbody Recover In jalukbari:মহানগৰীত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ

deadbody recover

Deadbody Recover In jalukbari:

মহানগৰীত পুনৰ উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ। মঙলবাৰে জালুকবাৰীৰ সদিলাপুৰৰ ব্রহ্মপুত্র নৈৰ সমীপতে উদ্ধাৰ কৰা হয় এটি অৰ্ধগলিত মৃতদেহ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে কোনো লোকে হত্যা কৰি মৃতদেহটো এইদৰে পেলাই থৈ গৈছে ৷

আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰিছে ৷ মৰনোত্তৰ পৰীক্ষাৰ ৰিৰ্পট অহাৰ পাছতহে সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

Exit mobile version