Dgp Gp singh:আলফা স্বাধীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা অসমৰ নতুন প্রজন্ম আঁতৰি থাকক:জি পি সিং

লতাশিল খেলপথাৰত অসম আৰক্ষীৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠান

dgp gp singh

 Dgp Gp singh:

আলফা স্বাধীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা অসমৰ নতুন প্রজন্ম আঁতৰি থাকক। এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ

মহানগৰীৰ লতাশিল খেলপথাৰত মঙলবাৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আলফা (স্বাঃ) সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

শেহতীয়াকৈ আলফা স্বাধীনে অসমৰ দুশবছৰীয়া গৰকা অসম আৰক্ষীক তুচ্ছ তাচ্ছিল্যৰে যি বিৰূপ মন্তব্য আগবঢ়াইছে এইয়া সচাকৈয়ে দুৰ্ভাগ্যজনক ৷ আলফা স্বাধীনৰ এই সমালোচনা কেতিয়াও গ্ৰহনযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰে ডি জি পি গৰাকীয়ে ৷

তেওঁ আৰু কয় ,তেওঁক সমালোচনা কৰক ৷ ইয়াত আপত্তি কৰিবলগীয়া একো নাই ৷ আনহাতে শেহতীয়াকৈ আলফা শিৱিৰলৈ নতুন প্ৰজন্মৰ আগমন সন্দৰ্ভত সংবাদিকে সোধা এক প্ৰশ্নোত্তৰত কয়, নতুন প্ৰজন্মই নিজৰ ঘৰখন, পিতৃ- মাতৃৰ কথা চিন্তা কৰি আলফা স্বাধীনত যোগদান কৰাৰ পৰা বিৰত থাকক ৷

উল্লেখ্য যে,আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষ্যে গুৱাহাটীৰ লতাশিল খেলপথাৰত অসম আৰক্ষীয়ে আয়োজন কৰিছে বিশেষ কাৰ্যসূচী ৷

Exit mobile version