Dgp Gp singh:
আলফা স্বাধীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা অসমৰ নতুন প্রজন্ম আঁতৰি থাকক। এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷
মহানগৰীৰ লতাশিল খেলপথাৰত মঙলবাৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আলফা (স্বাঃ) সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷
শেহতীয়াকৈ আলফা স্বাধীনে অসমৰ দুশবছৰীয়া গৰকা অসম আৰক্ষীক তুচ্ছ তাচ্ছিল্যৰে যি বিৰূপ মন্তব্য আগবঢ়াইছে এইয়া সচাকৈয়ে দুৰ্ভাগ্যজনক ৷ আলফা স্বাধীনৰ এই সমালোচনা কেতিয়াও গ্ৰহনযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰে ডি জি পি গৰাকীয়ে ৷
তেওঁ আৰু কয় ,তেওঁক সমালোচনা কৰক ৷ ইয়াত আপত্তি কৰিবলগীয়া একো নাই ৷ আনহাতে শেহতীয়াকৈ আলফা শিৱিৰলৈ নতুন প্ৰজন্মৰ আগমন সন্দৰ্ভত সংবাদিকে সোধা এক প্ৰশ্নোত্তৰত কয়, নতুন প্ৰজন্মই নিজৰ ঘৰখন, পিতৃ- মাতৃৰ কথা চিন্তা কৰি আলফা স্বাধীনত যোগদান কৰাৰ পৰা বিৰত থাকক ৷
উল্লেখ্য যে,আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষ্যে গুৱাহাটীৰ লতাশিল খেলপথাৰত অসম আৰক্ষীয়ে আয়োজন কৰিছে বিশেষ কাৰ্যসূচী ৷