Onion Price Hike :ক্ৰমাৎ চেঞ্চুৰিৰ দিশে পিঁয়াজ !

ৰাইজক সাময়িক সকাহ দিবলৈ ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা ,মহানগৰীৰ ১২ স্থানত সুলভ মূল্যৰ পিঁয়াজ বিক্ৰী

onion

Onion Price Hike:

বজাৰত ক্ৰমাৎ চেঞ্চুৰিৰ দিশে পিঁয়াজ ৷ ৰান্ধনীক বাৰুকৈয়ে কন্দুৱাইছে পিয়াঁজে ৷ পিয়াঁজৰ অত্যাধিক মূল্যবৃদ্ধিৰ মাজতে মহানগৰীৰ গ্ৰাহকক সাময়িক সকাহ দিবলৈ ৰাজ্যৰ যোগান বিভাগে লৈছে বিশেষ ব্যৱস্থা । সূলভ মূল্যত পিয়াঁজৰ যোগান ধৰাৰ বাবে মহানগৰীৰ বাৰস্থানত বিক্ৰী কেন্দ্ৰৰ দিহা কৰিছে ৷

লাষ্টগেট উলুবাৰী, উজানবজাৰ, চানমাৰি, মালিগাঁও, নুনমাটি ভঙাগড় মাঝাৰ ৰোড,বশিষ্ঠ, বেলতলা, গণেশগুৰি, দিছপুৰ আৰু হেঙেৰাবাৰীৰ পিএইছ ই সন্মুখত পুৱা আঠ বজাৰ পৰা ১০ বজালৈ আৰু বিয়লী চাৰিবজাৰ পৰাও এই বিক্ৰী কেন্দ্ৰ সমূহত উপলব্ধ কৰা হৈছে সূলভ মূল্যৰ পিয়াঁজ ৷

উল্লেখ্য যে, মঙলবাৰৰ পৰা মহানগৰীৰ কেতবোৰ স্থানত কিলোৱে প্ৰতি ২৫ টকাকৈ বিক্ৰী কৰা হৈছিল পিয়াঁজ ৷ দিনটোতে বিক্ৰী কৰা হয় সাত কুইন্টল পিয়াঁজ ৷ বুধাবাৰে সূলভ মূল্যত উপলব্ধ কৰা পিয়াঁজ বিক্ৰী কেন্দ্ৰ সমূহত পিঁয়াজ ল’বলৈ হেতাওপৰা কৰে গ্ৰাহকে ৷

Exit mobile version