Arvind Kejriwal Does Not Go To ED office:ইডিৰ কাৰ্যালয়লৈ নাযায় অৰবিন্দ কেজৰিৱাল !

ইডিৰ সহকাৰী সঞ্চালকলৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী পেডত পত্ৰ প্ৰেৰণ , ভগৱন্ত মানৰ স'তে মধ্য প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰাভিযানত অংশ ল'ব মধ্য প্ৰদেশত

arvind maan

Arvind Kejriwal Does Not Go To ED office:

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালক ইডিৰ কাৰ্যালয়ত আজি উপস্থিত থাকিবৰ চমন জাৰি কৰিছিল ইডিয়ে ৷

কিন্ত ঘটনাক্ৰমে কেজৰিয়ালে চমন লাভ কৰাৰ পাছতো আজি ইডিৰ কাৰ্যালয়ত উপস্থিত থকাৰ পৰিৱৰ্তে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ স’তে মধ্য প্ৰদেশত দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযানত অংশ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এনে প্ৰেক্ষাপটত ইডিৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেইয়া হ’ব লক্ষ্যণীয় ৷

উল্লেখ্য যে দিল্লী মুখ্যমন্ত্ৰী গৰাকীয়ে ইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰি ইডিৰ সহকাৰী সঞ্চালকলৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী পেডত এখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে ৷

ইডিয়ে জাৰি কৰা চমন সন্দৰ্ভত পত্ৰ খনত প্ৰত্যুত্তৰ দি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিয়ালে উল্লেখ কৰিছে যে আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত তেওঁক সাক্ষী হিচাপে নে অভিযুক্ত হিচাপে মতা হৈছে ৷

একেদৰে তেওঁৰ বিৰুদ্ধে ইডিত কিবা গোছৰ ৰজু হৈছে নেকি ৷ চমন খনত তেওঁক মুখ্যমন্ত্ৰী হিচাপে নে,আপৰ সমন্বয়ক হিচাপে দিয়া হৈছে সেইয়া উল্লেখ কৰা নাই ৷

আনহাতে ৩০ অক্টোবৰত ইডিয়ে জাৰি কৰা চমন খন তেওঁৰ হাতত পৰাৰ পূৰ্বেই বিজেপিৰ নেতাৰ হাতত কেনেকৈ পৰিল ৷ য’ত বিজেপি নেতা মনোজ তিৱাৰীয়ে চমনৰ কপি হাতত লৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে,ইডিৰ জালত পৰি আটক হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী ৷ ইডিৰ গোপন তথা গুৰুত্বপূৰ্ণ নথি বিজেপি নেতাৰ হাতত কেনেকৈ পৰিল ৷

এইদৰেই বহু কেইটা অভিযোগ উদ্থাপন কৰি আজি ইডিৰ কাৰ্যালয়ত উপস্থিত থকাৰ পৰা বিৰত থাকিল আপৰ মুৰব্বী গৰাকী ৷

স্মতৰ্ৱ্য যে,বহুচৰ্চিত দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত নতুন দিল্লীস্থ ইডিৰ কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুই নৱেম্বৰত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল ইডি-এ ৷

দিল্লীৰ প্ৰাদেশিক আবকাৰী নীতি ২০২১-২২ অধীনত একাধিক অনিয়মৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে চিবিআই-এ পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিতে ইডিয়েও ৰজু কৰিছিল আন এক গোচৰ ৷

মনকৰিবলগীয়া যে, উল্লিখিত গোচৰতে ইতিমধ্যে কাৰাগাৰত আছে আপৰ দুই শীৰ্ষ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। চিছ’দিয়াক ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পাঁচ অক্টোবৰত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ইডিয়ে কেইবা ঘণ্টাযোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে দিল্লীৰ প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই জামিনৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও সোমবাৰে আদালতে জামিন দিয়াৰ পৰা বিৰত থাকে ৷

Exit mobile version