Nandita Hotel:পাইকাৰকুছি চ’কৰ নন্দিতাৰ স্বাৱলম্বী তাৰ নিদৰ্শন

শহুৰৰ আদৰ্শক জীয়াই ৰাখিলে নন্দিতাই

hotel

Nandita Hotel:

নলবাৰী জিলাৰ পাইকাৰকুছিত চ’কত হোটেল ব্যৱসায়ৰে ২০ টাতকৈ অধিক পৰিয়ালক পোহপাল দিছে উচ্ছ শিক্ষিতা নন্দিতাই । আজিৰ পৰা প্ৰায় চল্লিচ বছৰ আগতে পাইকাৰ কুছিত চ’কত আৰম্ভ হৈছিল এখন ক্ষুদ্ৰ চাহৰ হোটেল । মাত্ৰ সাতশ টকাৰে আৰম্ভ কৰিছিল হোটেল খন । কিন্তু সেই হোটেল এতিয়া পূৰ্ণৰূপ দিলে বোৱাৰী নন্দিতাই।

বিশেষকৈ ৮০ শতাংশ মহিলা কৰ্মচাৰী নিয়োগ কৰি পোহপাল দিছে কেইবাটাও পৰিয়ালক। এই হোটেল খনৰ পেৰা শিঙৰা আৰু ভিন্ন মিঠাইৰ সোৱাদে আকৰ্ষিত কৰে গ্ৰাহকক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে নন্দিতা হোটেলৰ বস্তুৰ সোৱাদ লবলৈ। মাহেকত নৰ পৰা দহলাখ উপাৰ্জন হয় হোটেল খনৰ।

উল্লেখযোগ্য কথাটি হল বৰ্তমান সময়ত চৰকাৰী চাকৰিৰ পিচত দৌৰি নাথাকি শহুৰেকৰ অবৰ্তমানত সেই হোটেলখনকে ন ৰূপ দি শহুৰেকৰ আদৰ্শক জীয়াৰ ৰখা বাবে নন্দিতা হৈ পৰিছে আন দহজনৰ বাবে আদৰ্শ স্বৰূপ।

নন্দিতাই সংবাদ মাধ‍্যমৰ আগত সদৰী কৰি কয় যে সাহস,ধৈৰ্য্য, আৰু লাজ নকৰিলে সকলো ব‍্যৱসায়ীতে সফলতা অৰ্জন কৰিব পাৰি।

Exit mobile version