Bharat Ratna Dr Bhupen Hazarika’s Death Anniversary Celebrated:ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী আয়োজন

bhupen 1

Bharat Ratna Dr Bhupen Hazarika’s Death Anniversary Celebrated:

বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ স্বেচ্ছাসেৱী সংগঠন ‘জাগ্ৰত যুৱ সমাজ’ৰ উদ্যোগত অহা ৫ নৱেম্বৰত গুৱাহাটী, লখৰা চাৰিআলিৰ উদয়ন কৃষ্টি সংঘ খেলপথাৰত ‘শ্ৰদ্ধাঞ্জলি অনুষ্ঠান’ৰ আয়োজন কৰিছে।

সেই উপলক্ষে উক্ত দিনা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ৰক্তদান শিবিৰ আৰু দিহানাম আয়োজন কৰা হব। সন্ধিয়ালৈ আয়োজন হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ অন্যতম জনপ্ৰিয় সংগীত শিল্পী সীমান্ত শেখৰে গীত পৰিৱেশন কৰিব ৷

অনুষ্ঠানত ভাগ ল’ব অসম চৰকাৰৰ মন্ত্ৰীদ্বয় যোগেন মোহন, বিমল বৰা, সাংসদদ্বয় কুইন ওজা আৰু দিলীপ শইকীয়াৰ লগতে অন্যান্য নিমন্ত্ৰিত অতিথি সকল ৷

Exit mobile version