Cm Pressmeet In Cm Office:মহানগৰীত শীৰ্ঘেই নিৰ্মাণ হ’ব ৰিং ৰোড

১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোড নিৰ্মাণ হ'ব ৫,৮০০ কোটি টকা ব্যয়ৰে , জনতা ভৱনৰ আয়োজিত সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

cm new

Cm Pressmeet In Cm Office:

উত্তৰ – পূৰ্বৰ দুৱাৰ মুখ গুৱাহাটীত অচিৰেই নিৰ্মাণ হ’ব ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোড নিৰ্মাণ ৷ প্ৰায় ৫,৮০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ৰোড ৷
শণিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটাৰ পৰা কুৰুৱা, কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ হৈ নিৰ্মাণ হ’ব বহু আকাংক্ষিত ৰিং ৰোড।
এই ৰোড চন্দ্ৰপুৰৰ পৰা সোণাপুৰ হৈ যাব জালুকবাৰীলৈ।

আনহাতে জালুকবাৰীৰ পৰা পুনৰ সংযোগ হ’ব বাইহাটাত। আগন্তুক তিনিবৰ্ষ ভিতৰত ৰিং ৰোডৰ কাম সম্পূৰ্ণ কৰা হ’ব । ইফালে কুৰুৱাত ৰিং ৰোডৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হ’ব ছয়লেনযুক্ত এখন সুবিশাল দলং।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,পথ নিৰ্মাণৰ বাবে ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম তৰিৎগতিত আৰম্ভ হোৱা বুলি উল্লেখ কৰে ৷ এই প্ৰকল্পৰ ৫০ শতাংশ খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ বিপৰীতে বাকী ৫০ শতাংশ কেন্দ্ৰই বহন কৰিব ।

আনহাতে, কাজিৰঙাত ৫,৫০০ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’ব ৩৪.২৮ কিলোমিটাৰ দৈৰ্ঘৰ চাৰিলেনযুক্ত এলিভেটেড কৰিড’ৰ। উল্লেখ্য যে ৰঙালুৰ পৰা দেওপানীলৈ নিৰ্মাণ হ’ব লগা কৰিডৰ’ৰ দৈৰ্ঘ্য১৯ কিঃমিটাৰৰ ।

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে এই প্ৰকল্পক ইতিমধ্যে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে অনুমোদন জনাইছে বুলি গুৱাহাটীত স্বয়ং বিভাগীয় মন্ত্ৰী গাডকাৰীয়ে ঘোষণা কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে সুদীৰ্ঘ সংবাদমেলত আৰু কয়, গহপুৰৰ পৰা নুমলীগড়লৈ হ’ব ব্ৰহ্মপুত্ৰ তলৰে নিৰ্মাণ হ’ ব টানেল। এই প্ৰকল্পৰ ব্যয়ৰৰ ৮০ শতাংশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বহন কৰাৰ বিপৰীতে ২০ শতাংশ ব্যয় বহন কৰিব প্ৰতিৰক্ষা মন্ত্ৰনালয়ে ।
আনহাতে বাইহাটাৰ পৰা তেজপুৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই পথছোৱাত হ’ব নিৰ্মাণ কৰা হ’ব ছয়টা বাইবাছ।

মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়ৰ পৰা ভৈয়ামৰ কামাখ্যা ৰে’ল ষ্টেচনলৈ বহু আকাংক্ষিত ১.৬৭ কিলোমিটাৰ দৈৰ্ঘৰ ৰোপৱে’ নিৰ্মাণ কৰা হ’ব বুলি সদৰি কৰে । এই প্ৰকল্পত ব্যয় ১৬০ কোটি টকা ব্যয় হ’ব।

ইপিনে,ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড:শৰ্মাই প্ৰকাশ কৰে যে অহা ডিচেম্বৰত ৰাজ্যৰ ১০ লাখ পৰিয়ালৰ হাতত তুলি দিয়া হ’ব ৰেচন কাৰ্ড। আনহাতে পৰৱৰ্তী সময়ত মুঠ ৪০ লাখ লোকক দিয়া হ’ব ৰেচন কাৰ্ড। এই ৰেচন কাৰ্ড লাভ কৰা লোকসকলক এক কিলোগ্ৰামকৈ চাহপাত দিয়াৰ বিবেচনা কৰিছে ৰাজ্য চৰকাৰে।

একেদৰে ৰেচনকাৰ্ড প্ৰাপ্ত লোকসকলক সূলভ মূল্যৰ দোকানীয়ে প্ৰতিমাহৰ মাহৰ ১০-১৬ তাৰিখৰ ভিতৰত সংশ্লিষ্ট সামগ্ৰী দিব লাগিব। আনহাতে ৰেচন সামগ্ৰী দিয়া সপ্তাহটো ৰাজ্য চৰকাৰে অন্ন সেৱা সপ্তাহ হিচাপে বিবেচিত কৰিব ।

মুখ্যমন্ত্ৰীয়ে ,ৰাজহ বিভাগৰ অধীনত বসুন্ধৰা আঁচনিত ইতিমধ্যে আবেদন কৰা ১ লাখ ৬০ হাজাৰ আবেদন চৰকাৰে অনুমোদিত হৈছে বুলি সদৰি কৰে ।

Exit mobile version