Earthquake In Nepal:
চুবুৰীয়া ৰাষ্ট্ৰ নেপালত পুনৰ প্ৰকৃতিৰ তাণ্ডৱ ৷ দেশখনত ২০১৫ ৰ বিধ্বংসী ভূমিকম্পৰ পিছত পুনৰ মৃত্যুৰ কিৰিলি ৷ হিমালয়ান দেশখনত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণিয়ে মুহূৰ্ততে তাজপাতৰ খহি পৰিল বাসগৃহ ৷
উল্লেখ্য যে,প্ৰায় ৪০ ছেকেণ্ড ধৰি অনুভূত হোৱা ভূমিকম্পৰ ফলত কেবা শতাধিক বাসগৃহ সহ অনান্য বহু ব্যৱসায়ীক প্ৰতিষ্ঠান মুহূৰ্ততে ধূলিসাৎ হয় ৷ একেদৰে মৃত্যু হয় ১৫০ জনকৈ লোকৰ ৷ আহত হয় ডেৰ শতাধিক । ভয়ংকৰ অঘটনৰ পাছতে নিশাই নেপালৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু নেপালী সেনাৰ উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।
শুকুৰবাৰৰ নিশা ১১ বাজি ৩২ মিনিটত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল নেপালৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰ দিশে আৰু ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম, উত্তৰ পশ্চিম দিশে ভূ-গৰ্ভৰ পৰা ১০ কিলোমিটাৰ তলত।