Abmsu Meeting In Bhauraguri:প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা যন্ত্ৰত পৰিণত হৈছে বিদেশী ন্যায়্যাধীকৰণ:  টাইছন হুছেইন

ভাওঁৰাগুৰিত এবিএমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

taison

Abmsu Meeting In Bhauraguri:

গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিএমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নবেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন হয়।

উক্ত অধিবেশনৰ মুকলি সভাত উপস্থিত থাকে এবিএমছুৰ কেন্দ্রীয় সভাপতি টাইছন হুছেইন,সাধাৰণ সম্পাদক জাইদুল ইছলামৰ লগতে এবিএমছুৰ অইন অইন নেতা কৰ্মীসকল।উক্ত অধিবেশনতেই নুৰ মহম্মদ আনছাৰীক সভাপতি আৰু তাহিৰুল ইছলাম ওৰফে ৰিংকুক সাধাৰণ সম্পাদক হিচাপে লৈ এক শক্তিশালী গোসাঁইগাঁও জিলা এবিএমছুৰ সমিতিখন গঠন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত হৈ এবিএমছুৰ কেন্দ্রীয় সভাপতি টাইছন হুছেইনে কয় যে বিজেপি আৰু আৰএছএছ য়ে গোটেই ভাৰতবৰ্ষ আৰু অসমত সংখ্যালঘু মুছলমানক লৈ এক বিভাজনৰ ৰাজনীতি কৰি আছে। এবিএমছুৰ কেন্দ্রীয় সভাপতি টাইছন হুছেইনে আৰু কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱা যন্ত্ৰত পৰিণত হৈছে বিদেশী ন্যায়্যাধীকৰণ।

Exit mobile version