Elephants Trying To Prevent Human Conflict Hathibandhu:হস্তী – মানুহৰ সংঘাত ৰোধৰ চেষ্টা হাতীবন্ধু’

নগাঁও-কাৰ্বি আংলং সীমান্তত হাতীৰ উপদ্ৰৱ ৰুধিবলৈ নেপিয়াৰ ঘাঁহৰ খেতি,হাতীৰ প্ৰিয় খাদ্য নেপিয়াৰ ঘাঁহ

elephant 1

Elephants Trying To Prevent Human Conflict Hathibandhu:

নগাঁও-কাৰ্বি আংলং সীমান্তত হাতীৰ উপদ্ৰৱ ৰুধিবলৈ বিশেষ প্ৰয়াস। ধানখেতিৰ সমান্তৰালকৈ কৰা হৈছে বিশাল নেপিয়াৰ ঘাঁহৰ খেতি। প্ৰকৃতিপ্ৰেমী সংগঠন ‘হাতীবন্ধু’ৰ উদ্যোগত এই পদক্ষেপ।

হস্তী – মানুহৰ সংঘাতে সময়ে সময়ে ভয়ংকৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱী অনুষ্ঠান ‘হাতীবন্ধু’ কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা হাতীৰ জাকে নগাঁও-কাৰ্বি আংলং সীমান্তত উপদ্ৰৱ কৰি অহাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

বনৰীয়া হাতীৰ উপদ্ৰৱ ৰুধিবলৈ স্বেচ্ছাসেৱী অনুষ্ঠান ‘হাতীবন্ধু’ৱে ধানখেতিৰ সমান্তৰালভাৱে কৰিছে বিশাল নেপিয়াৰ ঘাঁহৰ খেতি

উল্লেখ্য যে, নেপিয়াৰ ঘাঁহ হাতীৰ অতি প্ৰিয় খাদ্য ৷ ইতিমধ্যে হাতীবন্ধুৰ উদ্যোগত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানলা আদি কেতবোৰ অঞ্চলত বিশাল নেপিয়াৰ ঘাঁহ ৰোপন কৰিছে ৷

স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ আশা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা বন্য হস্তীয়ে এই নেপিয়াৰ ঘাঁহ ভ্ৰক্ষণ কৰি নিজৰ ক্ষুধা নিবাৰণ কৰিব ৷

Exit mobile version