Fakiragram:ফকিৰাগ্ৰামৰ কাল ঝাৰ ভিচিডিছিত প্ৰধানমন্ত্ৰী আবাস যোজনা- এমজিএনৰেগা আচনিতো বৃহৎ দুৰ্নীতিৰ অভিযোগ

কাম নকৰাকৈ ধন আত্মসাতৰ অভিযোগ চেয়াৰমেন ইলিয়াজ আলীৰ বিৰুদ্ধে 

pressmeet

Fakiragram:

কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ণ খণ্ডৰ অধিন কালঝাৰ ভিছিডিছিত প্ৰধানমন্ত্ৰী আবাস যোজনাকে ধৰি বিভিন্ন আচনিত বৃহৎ দুৰ্নীতি সংঘটিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । কালঝাৰ ভিছিডিছিৰ অধিনৰ একাংশ লোকে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে দুৰ্নীতিৰ তথ্য লাভ কৰিছে বুলি সংবাদমেল যোগে প্ৰকাশ কৰে ।

ভিছিডিছিৰ চেয়াৰমেন ইলিয়াছ আলীয়ে নিজৰ আত্মীয়ৰ নামত জবকাৰ্ড প্ৰস্তুত কৰি বহুতো ধন আত্মসাত কৰাৰ লগতে ধুবুৰী জিলাৰ এজন ব্যক্তিৰ নামতো প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহ আবন্টন দি ধন হৰলুকি কৰিছে বুলি অভিযোগ তোলে ৰাইজে।

বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে বিভিন্ন সভায় সমিতিয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগ পালে কঠোৰ পদক্ষেপ লোৱা হব বুলি দিয়া প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে কালঝাৰত ভিছিডিছিত ।

ইতিমধ্যে চেয়াৰমেন ইলিয়াজ আলিৰ দুৰ্নীতিৰ তদন্ত বিচাৰি কোকৰাঝাৰ জিলা আয়ুক্ত আৰু ফকিৰাগ্ৰাম থানাত এক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু এই ক্ষেত্ৰত বিটিআৰ প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহন কৰে সেয়া হব লক্ষনীয় ।

Exit mobile version