Polling For Assembly Elections In Mizoram And Chhattisgarh Tomorrow: কাইলৈ মিজোৰাম আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ

মিজোৰামৰ মুঠ ৪০খন আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ ১৭৪ গৰাকী প্ৰাৰ্থী, ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা ৮,৫১,৮৯৫, ছত্তীশগড়ৰ ২০ খন আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ ২২৩জনে, মুঠ ভোটাৰৰ সংখ্যা ৪০ লাখ ৭৮ হাজাৰ ৬৮১ জন

election

Polling For Assembly Elections In Mizoram And Chhattisgarh Tomorrow:

কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ’ব মিজোৰাম আৰু ছত্তীশগড় বিধানসভাৰ । চুবুৰীয়া ৰাজ্য মিজোৰোমৰ ৪০খন আসনৰ বাবে ভোট গ্ৰহণ হোৱাৰ বিপৰীতে উত্তৰ ভাৰতৰ অন্যতম হিন্দী বেল্ট ছত্তীশগড়ৰ ২০খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়ৰ দ্বিতীয় পৰ্যায়ৰ ৭০খন আসনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত  ।

কাইলৈৰ ভোটগ্ৰহণৰ বাবে মিজাৰোম আৰু ছত্তীশগড়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । উল্লেখ্য যে, মিজোৰামত ৪০খন আসনৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ১৭৪গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। পাহাৰীয়া ৰাজ্য খনৰ মুঠ ৮ লাখ ৫১ হাজাৰ ৮৯৫জন ভোটাৰৰ বাবে স্থাপন কৰা হৈছে ১২৭৬টা ভোটকেন্দ্ৰ।

স্মতৰ্ৱ্য যে,ৰাজ্যখনত মুল যুঁজ হ’ব মিজো নেচনেল ফ্রন্ট, জোৰাম পিপ’লছ ম’ভমেণ্ট, কংগ্ৰেছ আৰু বিজেপিৰ মাজত। ইতিমধ্যে মিজোৰামত কিংমেকাৰ হ’বলৈ বিজেপিয়ে বহু কেইজন হাই প্ৰফাইল কেম্পেইনাৰে প্ৰচাৰ অভিযান চলাইছিল ৷ অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,অসম বিধানসভাৰ উপাধ্যক্ষ ডা:নোমল মোমিনেই চলাইছিল নিৰ্বাচনী প্ৰচাৰ ৷

আনহাতে ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ২০খন আসনৰ বাবে প্রার্থিত্ব আগবঢ়াইছে ২২৩জনে। ৪০ লাখ ৭৮ হাজাৰ ৬৮১ জন ভোটাৰৰ বাবে স্থাপন কৰা হৈছে ৫,৩০৪টা ভোটকেন্দ্র

ইপিনে ৰাজ্য খনৰ দ্বিতীয় পৰ্যায়ৰ ৭০ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত ।

Exit mobile version