Distribution Of Rabi Crop Seeds At Ghagrapar:ঘগ্ৰাপাৰত কৃষি বিভাগৰ উদ‍্যোগত ৰবিশস‍্যৰ বীজ বিতৰণ অনুষ্ঠান

seeds distrubution 2 scaled

Distribution Of Rabi Crop Seeds At Ghagrapar:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ কৃষি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজি কৃষি বিভাগৰ জৰিয়তে উন্নত মানৰ সৰিয়হ, বাদাম, বুট,নহৰু আদিৰ বীজ বিতৰণ কৰা হয়।

বিজেপি নেতা তথা নলবাৰী কৃষি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মনোনীত সদস্য জয়ন্ত বুজৰবৰুৱাই ৰবিশস‍্যৰ বীজ বিতৰণ অনুষ্ঠানটি শুভাৰম্ভণি কৰি নিজৰ ভাষণত কয় যে প্ৰকৃত কৃষকে যাতে কৃষি সামগ্ৰীকে ধৰি বীজসমুহ পাই তাৰ বাবে বিভাগতোৰ বিষয়া-কৰ্মচাৰীক চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়।

কৃষি সম্প্ৰসাৰণ সহায়ক ভগৱান বৰ্মনে আঁত ধৰা অনুষ্ঠানটি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই ভাষণ প্ৰসংগত অসম চৰকাৰৰ কৃষি বিভাগে পুৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ তুলনাত কৃষকসকলৰ বাবে বাৰিষা-খৰালি দুয়োটা সময়তে কৃষি সামগ্ৰীকে ধৰি সাৰ-বীজ তথা কেবাখনো অভিলাষী আঁচনি প্ৰদান কৰি অহা কৃষক ৰাইজ পুৰ্বৰ তুলনাত আত্মনিৰ্ভৰশীল হোৱা বুলি মন্তব্য কৰে।

অনুষ্ঠানত কৃষি বিষয়া কবিতা কোঁৱৰে ভাষণত কৃষি উন্নয়ন খণ্ডটোৰ অধীনৰ ৭  গাঁৱৰ কৃষক ৰাইজক উন্নত মানৰ সংশ্লিষ্ট বীজ বিতৰণৰ দিহা কৰাৰ লগতে দুই এদিনতে আলুৰ বীজো প্ৰদান কৰে ।

লগতে কৃষি বিষয়াগৰাকীয়ে এইসমুহ বীজৰ জৰিয়তে কৃষক সকলে প্ৰচুৰ আলু, সৰিয়হ, বাদাম,নহৰু আদি উৎপাদন কৰি আত্মনির্ভৰশীল হোৱাৰ পথ প্ৰশস্ত হব বুলি কৃষি বিষয়া সকলে মত ব্যক্ত কৰি এই খেতিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ প্ৰদান কৰে।

আজিৰ এই বীজ বিতৰণ অনুষ্ঠানত বড়িগোগ বনভাগ কৃষক মৰ্চাৰ সভাপতি প্ৰতুল চৌধুৰী, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকা, সম্পাদক বুবুল দাস,কৃষি সম্প্ৰসাৰণ সহায়ক ক্ৰমে দুলাল বেজবৰুৱা, সন্তোষ দৈমাৰী আৰু আমিৰ হুছেইনকে ধৰি ডেৰশতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে।

Exit mobile version