Mizuram Election Polling :আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ,দিনৰ ১ বজালৈ ৫২.৭৩ শতাংশৰো অধিক ভোটাধিকাৰ সাব্যস্ত

ৰাজ্যখনত মুঠ বিধানসভা আসনৰ সংখ্যা ৪০খন, ১,২৭৬টা ভোটকেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ,ছাৰ্চিপ সমষ্টিত এই পৰ্যন্ত সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত, ভোট দিবলৈ আহি প্ৰায় আঢ়ৈ ঘণ্টা অপেক্ষা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ

mizuram election

Mizuram Assembly Election Polling :

পাৰ্বত্য ৰাজ্য মিজোৰামৰ ৪০ টা বিধানসভা সমষ্টিৰ বাবে আজি পুৱাৰে পৰা ভোটদান পৰ্ব অব্যাহত আছে ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৫২.৭৩শতাংশ ভোটাৰে ইতিমধ্যে সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ মুঠ ১,২৭৬টা ভোটকেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

ৰাজ্যৰ ৮,৫১,৮৯৫ গৰাকী ভোটাৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰা ১৬ গৰাকী মহিলাকে ধৰি ১৭৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

উল্লেখ্য যে, ছাৰ্চিপ সমষ্টিত দিনৰ এক বজা লৈকে সৰ্বাধিক ৬০.৩৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। একেদৰে খাওজাল সমষ্টিত ৬০.২০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হোৱাৰ বিপৰীতে আটাইতকৈ কম ৪৪.৭১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে আইজন সমষ্টিত ৷

আনহাতে পুৱাতে ভোটদান সাব্যস্ত কৰিবলৈ আহি প্ৰায় আঢ়ৈ ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে ভোটদান কৰিবলৈ অহা আইজল উত্তৰ-দ্বিতীয় বিধানসভা সমষ্টিৰ ভেংলাই ১ YMA  ভোটকেন্দ্ৰটোৰ ইভিএমৰ হঠাতে বিসংগতি হোৱাৰ বাবে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হয় মুখ্যমন্ত্ৰীগৰাকী ৷ প্ৰায় আঢৈ ঘন্টাৰ অপেক্ষাৰ অন্তত
ভোটাধিকাৰ সাব্যস্ত কৰে মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷

উল্লেখ্য যে,শাসনাধিষ্ঠ এম এন এফ, কংগ্ৰেছ আৰু জোৰাম পিপলছ মোভমেণ্টৰ মাজত অনুষ্ঠিত হ’ব ত্ৰিকোণীয় যুঁজখন। পূৰ্বানুৎ অনুসৰি কোনো এটা দলেই লাভ কৰিব নোৱাৰিব পাৰে সংখ্যাগৰিষ্ঠতা। এই ক্ষেত্ৰত কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব পাৰে ৰাজ্য খনৰ অন্যতম আঞ্চলিক দল’ জোৰাম পিপলছ মোভমেণ্টে।

আনহাতে জোৰাম পিপলছ মোভমেণ্টে দাবী কৰিছে এইবাৰ ৰাজ্যখনত তেওঁলোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব। আজি ভোটাধিকাৰ সাব্যস্ত কৰি জোৰাম পিপলছ মোভমেণ্টৰ কাৰ্যকৰী সভাপতি কে ছাপডাঙ্গাই দৃঢ়তাৰে কয় যে, আমি পূৰ্ণ বহুমত লাভ কৰিম।

মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই পুনৰ ক্ষমতা পাম বুলি যি সপোন দেখিছে । সেইয়া সপোন হৈয়ে থাকিব বুলি সদৰি কৰে জেড পি এমৰ শীৰ্ষ নেতা গৰাকীয়ে ৷

Exit mobile version