State Cabinet Meeting At Public Service Building:লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেট বৈঠক

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে গ্ৰহণ কৰে কেতবোৰ সিদ্ধান্ত

cabinet 1

State Cabinet Meeting At Lok Sewa Bhawan:

জনতা ভৱনৰ লোকসেৱা ভৱনত আজি বিয়লি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক ৷ এই বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

ৰাজ্যিক কেবিনেটে ৰাজ্যৰ চাহ বাগিচাৰ সমূহত থকা চিকিৎসালয়ৰ উন্নয়নৰ বাবে ১৩৫ কোটি টকাৰ অনুমোদন জনায় ।

হাতে অসম কৰ্কট কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যত নিৰ্মাণ হ’ব সাতখনকৈ চিকিৎসালয় । একেদৰে কেবিনেটে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰতীকত জনাই অনুমোদন।

ইপিনে , ৰাজ্যিক কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ স্বৰূপে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত বৃদ্ধি কৰে ৪ শতাংশ মৰগীয়া বানচ । এক ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। ইয়াৰ লগে লগে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি পালে ৪৬ শতাংশলৈ ৷ স্মতৰ্ৱ্য যে এক জুলাইৰ পৰা অক্টোবৰলৈকে লাভ কৰিব পাঁচ মাহৰ বকেয়া ধন।

ৰাজ্যিক কেবিনেটে মিছন বসুন্ধৰা ২ৰ অধীনত ৰাজ্যৰ পাঁচ জিলাৰ ২৫৩৮গৰাকীলৈ ভূমিপট্টা প্ৰদানত অনুমোদন জনাই ৷

লগতে কেবিনেটে এচ চি ই আৰ টি ৰ অধীনত এখন ইংৰাজী ভাষা প্ৰশিক্ষণ প্ৰতিষ্ঠান গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে ৰাজ্যৰ চৰ চাপৰিত পিএম পোষণ আঁচনিৰ অধীনত প্ৰতি সপ্তাহে তিনি দিনকৈ কণী দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰে।

উল্লেখ্য যে,ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সকলো মন্ত্ৰী আৰু মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে ৷

Exit mobile version