Provision Of Retirement Assistance To 2,600 Anganwadi Workers-helpers:শংকৰদেৱ কলাক্ষেত্ৰত সমাজ কল্যাণ বিভাগৰ বিশেষ অনুষ্ঠান

২,৬০০ কর্মী-সহায়িকালৈ অৱসৰকালীন সাহায্য প্রদান, সমাজ কল্যান মন্ত্ৰীৰ ঘোষণা: শীঘ্ৰেই পদোন্নতি হ'ব অংগনৱাড়ী কৰ্মী, ছুপাৰভাইজাৰ পদলৈ উন্নীত হ'ব অংগনৱাড়ী কৰ্মী

ajanta neug 1

Provision Of Retirement Assistance To 2,600 Anganwadi Workers-Helpers:

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত অংগনবাড়ী কর্মী-সহায়িকালৈ ভাল খবৰ ৷ৰাজ্যৰ ২,৬০০ অংগনবাড়ী কর্মী-সহায়িকালৈ অৱসৰকালীন সাহায্য প্রদান কৰা বুধবাৰে ৷

মহানগৰীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে কেন্দ্ৰীয়ভাৱে আয়োজিত সাহায্য প্রদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই হিতাধিকাৰীৰ অৱসৰকালীন সাহায্য প্রদানৰ কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে ৷

সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে ভাষণত উল্লেখ কৰে যে, এতিয়াৰ পৰা ৬০ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰা ২,৬০০ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই নিয়মীয়াকৈ অৱসৰকালীন সাহায্য লাভ কৰিব। অংগনৱাড়ী কৰ্মীয়ে চাৰিলাখকৈ লাভ কৰাৰ বিপৰীতে ক্ষুদ্ৰ কেন্দ্ৰৰ কৰ্মীয়ে লাভ কৰিব তিনি লাখকৈ ৷ অংগনৱাড়ী সহায়িকাই লাভ কৰিব দুই লাখকৈ সাহায্য ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,শীঘ্ৰেই পদোন্নতি হ’ব অংগনৱাড়ী কৰ্মী৷ ছুপাৰভাইজাৰ পদলৈ উন্নেত হ’ব যোগ্য অংগনৱাড়ী ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে এই সমন্ধীয় সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

সাহায্য প্ৰদান অনুষ্ঠানত সাংসদ শ কুইন ওজা আৰু বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ সচিব পার্থ প্ৰতিম মজুমদাৰ আৰু সঞ্চালক বিভাষ মোদী উপস্থিত থাকে।

Exit mobile version