Two Assamese youths killed In Kerala: বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি দুই অসমীয়া যুৱক

উড়িষ্যাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

demaji youth death

Two Assamese youths killed In Kerala:

কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ ঢাপলি মেলা অসমীয়া যুৱক এতিয়া নিৰাপত্তাহীনতাত ভূগিছে সংশ্লিষ্ট ৰাজ্যত ৷

ধেমাজিৰ দুই যুৱকক হত্যা কৰা হ’ল দাক্ষিণাত্যৰ কেৰেলাত ৷ কামৰ তাগিদাত কেৰেলালৈ গৈ ধেমাজি দুই নং টেকজুৰিৰ মহন্ত স্বৰ্গীয়াৰী আৰু আদৰ্শ বড়ো গাওঁৰ দিপাংকৰ বসুমতাৰী কৰ্মৰত হৈ আছিল এটা ব্যক্তিগত খণ্ড কোম্পানীত ৷

আনহাতে দুই যুৱকৰ স’তে একেটা কোম্পানীত নিয়োজিত আছিল উড়িষ্যাৰ এগৰাকী যুৱকে ৷ উদ্থাাপিত অভিযোগ অনুসৰি এই যুৱকজনেই হত্যা কৰিছে দুই অসমীয়া যুৱকক ৷

ইপিনে,হত্যাকাণ্ড সংঘটিতৰ কেৰেলাৰ মোভাট্টুপুঝা থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় উড়িষ্যাৰ যুৱকজনক ৷

বুধবাৰে , দুই যুৱকৰ নিথৰ দেহ অনা হয় গৃহভূমি ধেমাজিলৈ ৷ ডিব্ৰুগড় বিমান বন্দৰৰ পৰা পোনে পোনে মৃতদেহ দুটা অনা হয় ধেমাজি সদৰ থানালৈ ৷ ইয়াৰ পাছতে আৰক্ষীয়ে মৃতদেহ দুটা লৈ যায় যুৱক দুজনৰ দুই নং টেকজুৰি আৰু আদৰ্শ বড়ো গাঁৱৰ বাসগৃহলৈ । এক শোকাকুল পৰিবেশত গাঁৱৰ বহু লোকৰ উপস্থিতিত নশ্বৰ দেহ সৎকাৰ কৰা হয় ৷

Exit mobile version