NESO Protest:মণিপুৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দাবীত মহানগৰীত নেছ’ৰ বিশাল  প্ৰতিবাদ

ছহিদ ন্যাসৰ সন্মুখত এই প্ৰতিবাদ

assu

NESO Protest:

নেছ’ৰ আহ্বানত মণিপুৰত স্থায়ী শান্তিৰ প্ৰতিষ্ঠাৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটী সহ ৰাজ্যৰ সাতোখন ৰাজ্যৰ ৰাজধানীত নেছ’ৰ ৰাজ্যিক গোটে বিক্ষোপ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বিগত ছয়টামাহ ধৰি মণিপুৰত অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে লোৱা নাই কোনো সময়োচিত ব্যৱস্থা ৷ এই অভিযোগ নেছ’ৰ সভাপতি ড:সমজ্জুল ভট্টাচাৰ্যৰ ৷ মহানগৰীৰ ছহিদ ন্যাসৰ সন্মুখত আছুৰ উদ্যোগত মণিপুৰত শান্তি প্ৰতিষ্ঠা আৰু ৰাজ্য খনৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বিশাল প্ৰতিবাদ সমদল উলিয়াই ৷

কে’বা শতাধিক আছুকৰ্মী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শিক্ষাৰ্থীৰ উপস্থিতিত ৰূপায়িত প্ৰতিবাদস্থলীত হাতত প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ- মুখৰিত কৰি তোলে ৷

উপস্থিত আছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷ উল্লেখ্য যে,আছুৰ বিক্ষোপকাৰী সকলৰ সমদলক আৰক্ষীয়ে বাধাপ্ৰদানক কিছু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

Exit mobile version