Fierce Battle Between The Junta And The Rebels:ভয়াৱহ গৃহযুদ্ধৰ কবলত ম্যানমাৰ ,জুণ্টা-বিদ্ৰোহীৰ মাজত তয়াময়া যুঁজ

আকাশ মাৰ্গৰেও আক্ৰমণ,দুহেজাৰ হেজাৰ শৰণাৰ্থী মিজোৰামলৈ

myanmar 1

Fierce Battle Between The Junta And The Rebels:

বিগত কে’বাদিন ধৰি চলি অহা গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে ম্যানমাৰত শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই পৰিস্থিতিত লক্ষাধিক লোক গৃহহীন হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।

আতংকিত বৃহৎ সংখ্যক লোকে নিৰাপত্তা বিচাৰি চুবুৰীয়া ভাৰতৰ মিজোৰামত প্ৰৱেশ কৰিছে। ৰাজ্যখনত দুহেজাৰতকৈ অধিক লোকে প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে দেশখনৰ উত্তৰ দিশৰ শ্বীন প্ৰদেশক কেন্দ্ৰ কৰি এই সংঘৰ্ষই ব্যাপক ৰূপ ধাৰণ কৰিছে।

উল্লেখ্য যে দেশখনৰ তিনিটা উগ্ৰপন্থী সংগঠন টাং নেছনেল লিবাছেন আর্মি (টিএনএল এ), আৰাকান আর্মি (এএ) আৰু ম্যানমাৰ নেছনেল ডেমক্রেটিক এলায়েন্স আর্মি (এমএনডিএএ)ৰ যৌথ মঞ্চ ব্ৰাড়াহুড এলায়েন্স (বিএ)-এ যোৱা সপ্তাহত দেশখনৰ সামৰিক চৰকাৰৰ বাহিনী জুণ্টাৰ ওপৰত বৃহৎ আক্ৰমণ আৰম্ভ কৰে।

এই আক্ৰমণত জুন্টা বাহিনী পিছ হোঁহকিবলৈ বাধ্য হয়। ইয়াৰ পাছতে জুন্টা বাহিনীয়ে সংগঠন তিনিটাৰ ওপৰত স্থলভাগৰ লগতে আকাশী পথৰেও বৃহৎ অভিযান চলায়। এই আক্রমণ-প্রত্যাক্রমণ ম্যানমাৰৰ ইতিহাসত অন্যতম বৃহৎ ঘটনা বুলি চিহ্নিত হৈছে। জুন্টা বাহিনীৰ আক্ৰমণত শ্বীন প্ৰদেশৰ কমেও ৯০ হেজাৰ লোক গৃহহীন হোৱা বুলি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাই আশংকা ব্যক্ত কৰিছে।

ব্ৰাড়াহুড এলায়েন্সে জুন্টা বাহিনীৰ বাদেও শ্বীনৰ বিভিন্ন গুৰুত্বপূর্ণ কাৰ্যালয়ৰ ওপৰতো আক্রমণ চলাইছে। প্ৰথমতে দেশৰ উত্তৰাঞ্চলত আৰম্ভ হোৱা এই পৰিস্থিতি সম্প্ৰতি উত্তৰ-পূব অঞ্চল, উত্তৰ-পশ্চিম অঞ্চল আৰু দক্ষিণ-পূব অঞ্চললৈও বিয়পি পৰিছে।

বৃহৎ এই আক্রমণৰে বিদ্রোহী বাহিনীয়ে উক্ত অঞ্চলবোৰৰ বহু স্থান নিজৰ দখললৈ নিয়াৰ তথ্যও পোহৰলৈ আহিছে। এই আক্রমণ- প্রত্যাক্রমণত উভয় পক্ষৰ বৃহৎ ক্ষতিৰ আশংকা কৰা হৈছে। ইয়াৰ লগতে আহত হৈছে বহু সাধাৰণ লোক ৷ এই ভয়াবহ পৰিস্থিতিত মিজোৰামত প্ৰৱেশ কৰা অধিকাংশ শৰণাৰ্থী হৈছে শ্বীন-কুকী সম্প্ৰদায়ৰ। উল্লেখ্য যে ম্যানমাৰৰ কে’বাহেজাৰ শৰণাৰ্থী মিজোৰামত পূৰ্বৰে পৰা আশ্ৰয় লৈ আছে।

উল্লেখ্য যে ম্যানমাৰৰ লগত মিজোৰামৰ ৫১০ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে। এই সীমান্তত মিজোৰামৰ ছখন জিলা ক্ৰমে চাম্পাই, ছিয়াহা, লংলাই, ছাবশ্বীপ, আথিয়াল আৰু ছাইটোৱেল অবস্থিত। আনহাতে, এই জিলাকেইখনৰ লগত সংলগ্ন হৈ আছে ম্যানমাৰৰ শীন প্রদেশ।

সেয়েহে প্ৰদেশখনৰ পৰা শৰণাৰ্থীৰ দলে অতি সহজে মিজোৰামৰ ভূমিত প্ৰৱেশ কৰিব পাৰে। চাম্পাইৰ জিলা দণ্ডাধীশ জেমছ লাৰিনশ্বানাই সদৰী কৰে যে কমেও ডেৰ হেজাৰ ম্যানমাৰৰ নাগৰিকে শেহতীয়াকৈ জিলাখনত প্ৰৱেশ কৰিছে।

সেইসকল ম্যানমাৰৰ খাওমাৰ অঞ্চলৰ বুলি দণ্ডাধীশজনে জনায়। শৰণাৰ্থীসকলৰ ভিতৰত প্ৰায় ১৬ জনে আহত অৱস্থাত প্ৰৱেশ কৰে। তেওঁলোকক চাম্পাইত চিকিৎসা সাহায্য আগবঢ়োৱা হৈছে।

উল্লেখ্য যে,বৰ্তমান মিজোৰামত আশ্ৰয় লৈ আছে ৩১ হাজাৰৰো অধিক ম্যানমাৰৰ নাগৰিক৷

Exit mobile version