Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Where Is The End Of This Conflict;?:এই সংঘাতৰ শেষ ক’ত ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
October 9, 2023
in India, Assam, News
Reading Time: 5 mins read
0
Where Is The End Of This Conflict;?:এই সংঘাতৰ শেষ ক’ত ?
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

Where Is The End Of This Conflict;?:এই সংঘাতৰ শেষ ক’ত?

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

শনিবাৰে পুৱতি নিশা পেলেষ্টাইনৰ চৰমপন্থী গোট হামাছে ইজৰাইলৰ ওপৰত চলোৱা অতর্কিত আক্রমণে সমগ্র অঞ্চলটোক জোকাৰি গৈছে। ইজৰাইলেও হামাছ অধ্যুষিত গাজা ষ্ট্ৰীপত যুদ্ধ ঘোষণা কৰি এই আক্ৰমণৰ সশস্ত্ৰ প্ৰত্যুত্তৰ দিছে।

ইতিমধ্যে এই আক্রমণ- প্রত্যাক্রমণত ইজৰাইলৰ ছশ আৰু পেলেষ্টাইনৰ চাৰিশকে ধৰি কমেও এহেজাৰ লোকে প্ৰাণ হেৰুৱাইছে, হেজাৰ হেজাৰ আহত হৈছে আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে । ইহুদীসকলৰ ছুটীৰ দিনা সম্পূর্ণ পৰিকল্পিতভাৱে সাত সহস্রাধিক ৰকেট নিক্ষেপ কৰি হামাছে চলোৱা এই বৃহৎ আক্রমণ আছিল ইজৰাইলৰ বাবে অভাৱনীয়। উভয়পক্ষৰ মাজত সততে হিংসাত্মক কার্যকলাপ অব্যাহত থাকে যদিও শনিবাৰৰ এই আক্ৰমণ আছিল কে’বাদশকৰ ভিতৰত সৰ্ববৃহৎ।

CONFLICT 1ইয়াৰ পূৰ্বে ১৯৭৩ত ইজিপ্ত আৰু ছিৰিয়াই ইজৰাইলৰ ওপৰত হঠাতে তেনে এক বৃহৎ আক্রমণ সংঘটিত কৰিছিল। সেয়া আছিল প্ৰথম আৰৱ-ইজৰাইল যুদ্ধ। দুফালৰ পৰা আক্ৰমণ কৰি সেই মিত্রশক্তিয়ে ইজৰাইলৰ ভিতৰলৈ দ্রুত প্ৰৱেশ কৰে।

মার্কিন যুক্তৰাষ্ট্ৰই ইজৰাইলৰ পক্ষত আৰু ছোভিয়েট ৰাছিয়াই ইজিপ্ত-ছিৰিয়াৰ পক্ষত অৱস্থান কৰাৰ লগে লগে সেই যুদ্ধই তীব্র ৰূপ ধাৰণ কৰে। এই সংঘৰ্ষৰ ফলত ছিনাই অঞ্চলৰ পৰা নিজৰ সৈন্য বাহিনী আঁতৰাবলৈ বাধ্য হৈছিল ইজৰাইল। শেহতীয়া সময়ছোৱাত গাজা ভূখণ্ডত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে যদিও তাত পেলেষ্টাইনী চৰমপন্থী গোট হামাছেই হওক অথবা গাজাৰ প্ৰশাসন পৰিচালনা কৰা ইছলামিক গোটেই হওক আৰু আনকি ইজৰাইল চৰকাৰেই হওক, এই উত্তেজনা বৃদ্ধি পোৱাটো কামনা কৰা নাছিল।

ইয়াৰ আঁৰ লৈ হামাছে যে এক পৰিকল্পিত আক্রমণ সংঘটিত কৰাৰ প্ৰস্তুতিত ব্যস্ত আছিল, সেয়া শনিবাৰেহে স্পষ্ট হৈ পৰে। সেই অভিযানৰ অংশৰূপেই হামাছ বাহিনীয়ে ইজৰাইলৰ ওপৰত সাত হেজাৰৰো অধিক শক্তিশালী ৰকেট বর্ষণ কৰে।

কিছু সংখ্যক এনে ৰকেটে আনকি ইজৰাইলৰ ৰাজধানী তেল আভিভ আৰু পবিত্ৰ চহৰ জেৰুজালেমতো আঘাত কৰে। পেলেষ্টাইনী আক্ৰমণকাৰীসকলে ইজৰাইলৰ বিভিন্ন স্থানৰ লগতে সেনাৰ চকী পর্যন্ত দখল কৰি লয়।

এই সময়ছোৱাতে জধে-মধে গুলিচালনা কৰি বহু লোকক হত্যা কৰে। কিছু সংখ্যক ইজৰাইলী নাগৰিকক বন্দী কৰে, যাৰ ভিতৰত সেনা জোৱানো আছে। সেইসকলক পণবন্দীৰূপে হামাছে গাজালৈ লৈ যায়।

ইজৰাইলী সেনাৰ টেংক আৰু বাহন আদিও দখল কৰি সেইবোৰৰ ওপৰত উঠি উল্লাস প্রদর্শন কৰে। ইয়াৰ সমান্তৰালভাৱে পেলেষ্টাইনী যোদ্ধাই স্থলপথ আৰু সাগৰ পথেদি দক্ষিণ ইজৰাইলত সোমাই পৰে। হামাছৰ এনে বৃহৎ আক্ৰমণত গাজাৰ সাধাৰণ পেলেস্টাইনীসকল যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হৈছে। এনে আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে গাজাস্থিত হামাছৰ ১৭টা সামৰিক শিবিৰ আৰু কমেও চাৰিটা মুখ্য কাৰ্যালCONFLICT3 বিৰুদ্ধে এই যুদ্ধক হামাছে ‘অল অবস্থা স্টর্ম’ নাম দিছে। সম্প্ৰতি ইজৰাইলৰ দখলত থকা পূব জেৰুজালেমত অৱস্থিত অল-অছা মছজিদৰ নামৰ স’তে সংগতি ৰাখি অভিযানক এইদৰে নামকৰণ কৰা হৈছে। অল- আকছা মছজিদ ইছলাম ধৰ্মীসকলৰ তৃতীয় সবাতোকৈ পবিত্ৰ স্থানৰূপে স্বীকৃত।

আনহাতে, ইহুদীসকলেও ইয়াক তেওঁলোকৰ সবাতোকৈ পবিত্ৰ স্থানৰূপে গণ্য কৰে। ‘টেম্পল মাউন্ট’ৰূপে অভিহিত কৰা এই মছজিদ চৌহদত বিগত সময়ছোৱাত ইহুদীসকলৰ ভিৰ যথেষ্ট বৃদ্ধি পাইছে।

লক্ষ্যণীয়ভাবে অত্যাধুনিক সা-সুবিধাৰে পুষ্ট হোৱা সত্ত্বেও হামাছৰ এই আক্রমণক বাধাদানত ইজৰাইলী বাহিনী ব্যর্থ হোৱাটোৱে দেশবাসীৰ মাজত গভীৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে। ইজৰাইলৰ দেশীয় চোৰাংচোৱা সংস্থা শিন বেত, বিদেশত গুপ্তচৰগিৰিৰ বাবে চৰ্চিত মোছাড় বাহিনী আৰু শক্তিশালী সেনাবাহিনীয়ে শনিবাৰৰ বৃহৎ আক্ৰমণৰ কোনো ভুকে নোপোৱাটোৱে বিভিন্ন প্রশ্নৰ উদ্রেক ঘটাইছে।

সততে এই কথা কোৱা হৈ আহিছে যে পশ্চিম এছিয়াত সবাতোকৈ অত্যাধুনিক আৰু শক্তিশালী সংসাধন ইজৰাইলৰ চোৰাংচোৱা বাহিনীৰ হাততে মজুত আছে। এই সংস্থাৰ গুৰুত্বপূর্ণ তথ্য যোগান ধৰা এজেন্ট কেৱল পেলেষ্টাইনী চৰমপন্থী গোটৰ মাজতে নহয়, ছিৰিয়া-লেবানন আদিৰ লগতে বিশ্বৰ বিভিন্ন দেশত মজুত আছে।

এইবোৰৰ বলতে ইজৰাইলে বিভিন্ন উগ্ৰপন্থী গোটৰ লগতে তেওঁলোকৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব পৰা শক্তিসমূহৰ গতিবিধিৰ উপৰি বহু ভিতৰুৱা গোপন খবৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ জৰিয়তেই অতীতত পেলেষ্টাইন তথা আৰৱ বিশ্বৰ বহু গুৰুত্বপূর্ণ নেতাক অতি কৌশলেৰে মোছাড়ে হত্যা কৰিছে।

এনেবোৰ হত্যাকাণ্ড কাৰ দ্বাৰা সংঘটিত হৈছে সেয়া সকলোৱে জ্ঞাত যদিও ইয়াত ইজৰাইলক দোষী সাব্যস্ত কৰিব পৰাকৈ কোনো প্রমাণ নাই। শত্রুপক্ষৰ গতিবিধিৰ বিষয়ে তথ্য আহৰণত শক্তিশালী চোৰাংচোৱা প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰি আহিছে।

প্ৰসংগক্রমে উল্লেখনীয় যে বিগত সময়ছোৱাত চৰকাৰ বিৰোধী বুলি ধাৰণা কৰি একাংশ ৰাজনৈতিক নেতা, সাংবাদিক, বুদ্ধিজীৱী, অধিবক্তা আদিৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ ভাৰত চৰকাৰে ব্যৱহাৰ কৰা বুলি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ অহা পেগাছাছ ইজৰাইলৰ দ্বাৰাই প্ৰস্তুত।

অকল সেয়ে নহয়, ইজৰাইলৰ স্থল সুৰক্ষাও অতি মজবুত। গাজা ভূখণ্ড আৰু ইজৰাইলৰ সীমান্তত অতি শক্তিশালী বেৰৰ লগতে চি চি কেমেৰা, উন্নতমানৰ চেন্দৰ আৰু সেনাৰ অহৰহ টহল থাকে। দেৱালৰ ওপৰত আকৌ কাঁইটীয়া তাঁৰ আছে, যাক অতিক্ৰম কৰি অনুপ্ৰবেশ কৰাটো প্ৰায় অসম্ভব; কিন্তু হামাছৰ যোদ্ধাসকলে বুলডজাৰেৰে দেৱাল খহাই পেলায়। আৰু তাঁৰবোৰ কাটি প্ৰৱেশৰ পথ মুকলি কৰি লয়। তাৰ উপৰি সমুদ্ৰ পথৰ লগতে পেৰাগ্লাইডিং কৰি ইজৰাইলৰ ভূমিত প্ৰবেশ কৰি হামাছৰ যোদ্ধাই তাণ্ডব চলাবলৈ সক্ষম হয়।

গতিকে এনেবোৰ ঘটনাই স্পষ্ট কৰি দিয়ে যে হামাছ বাহিনীয়ে এক জটিল অভিযানক অসাধাৰণ প্রস্তুতিৰে ৰূপায়ণ কৰিবলৈ সক্ষম হয়। লগতে এই আক্ৰমণৰ তাৎক্ষণিক প্ৰতিৰোধত ইজৰাইলৰ বাহিনীসমূহৰ প্ৰস্তুতিহীনতাও ওলাই পৰে।

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বিগত বহু দশক ধৰি বিবাদ চলি আহিছে। আনকি কে ‘বাবাৰো যুদ্ধ সংঘটিত হৈছে আৰু যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। তদুপৰি বিভিন্ন সময়ত পৰস্পৰক আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে।

ইহুদীসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰ গঠনৰ দাবী আৰু এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক লৈয়ে এই বিবাদৰ সূত্ৰপাত হয়, যি আজি প্ৰায় এশ বছৰে অমীমাংসিত হৈ ৰৈছে। বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰা ইউৰোপত ইহুদীসকল বিভিন্ন শক্তিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে।

এনে পৰিপ্ৰেক্ষিতত ইহুদীসকলৰ বাবে এখন পৃথক দেশৰ দাবী জোৰদাৰ হ’বলৈ ধৰে। ভূমধ্য সাগৰ আৰু জৰ্ডান নদীৰ সমীপৰ পেলেষ্টাইন অঞ্চল ইছলাম, ইহুদী আৰু খ্ৰীষ্টান এই তিনিও ধৰ্মৰ বাবে অতি পবিত্র স্থান ৰূপে গণ্য কৰা হয়।

এই অঞ্চল অটোমান সাম্রাজ্যৰ নিয়ন্ত্ৰণত আছিল আৰু আৰৱ তথা অন্যান্য মুছলিম সম্প্ৰদায়ৰ দখলত আছিল। তাৰ মাজতে তাত বৃহৎ সংখ্যক ইহুদীয়ে আহি বসবাস কৰিবলৈ লয় আৰু স্থানীয় লোকসকলৰ মাজত তেওঁলোকক লৈ বিৰোধ আৰম্ভ হয়। তেনেদৰেই অঞ্চলটোত বিবাদৰ সূত্ৰপাত ঘটে।

CONFLICT 4প্রথম বিশ্বযুদ্ধৰ পাছত অটোমান সাম্ৰাজ্যৰ পতন ঘটাৰ ফলত ব্ৰিটেইনক পেলেষ্টাইনৰ শাসনভাৰ নিয়ন্ত্ৰণৰ অনুমতি দিয়ে ৰাষ্ট্ৰসংঘই; কিন্তু ইংৰাজে আৰব আৰু ইহুদীসকলক দিয়া বিভিন্ন প্রতিশ্ৰুতিৰ কোনো এটাই পূৰণ নকৰিলে, বন্ধ ব্ৰিটেইনে ফ্ৰান্সৰ স’তে মধ্য প্ৰাচাৰ ভাগ-বাটোৱাৰা কৰি লয়। ফলস্বৰূপে আৰৱ আৰু ইহুদীসকলৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু উভয় পক্ষৰ সশস্ত্র গোটসমূহৰ মাজত আক্রমণ-প্রত্যাক্রমণ আৰম্ভ হয়।

ইপিনে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত নাজিবাহিনীৰ দ্বাৰা ইহুদীসকলৰ ভয়াৱহ নৰসংহাৰৰ পৰিপ্ৰেক্ষিতত ইহুদীৰ বাবে সুকীয়া ৰাষ্ট্ৰ গঠনৰ হেঁচা বৃদ্ধি পায় আন্তর্জাতিক মহলত।

তেতিয়াই প্রস্তাব উত্থাপিত হয় যে ব্ৰিটেইনৰ নিয়ন্ত্রণাধীন অঞ্চলটো পেলেষ্টাইনী আৰু ইহুদীৰ মাজত ভগাই দিয়া হওক। সেই মর্মেই ১৯৪৭ ত ৰাষ্ট্ৰসংঘত পেলেষ্টাইনক ইহুদী আৰু আৰবৰ মাজত বিভাজনৰ লগতে জেৰজালেমক এখন আন্তঃৰাষ্ট্ৰীয় চহৰৰূপে মর্যাদা প্ৰদানৰ সপক্ষে ভোটদান সম্পন্ন হয়।

অৱশ্যে ইহুদী নেতাসকলে এই সিদ্ধান্ত মানি ল’লেও আৰৱ পক্ষই ইয়াক নাকচ কৰে। ফলস্বৰূপে সমস্যা সমাধানত ব্যর্থ হৈ ১৯৪৮ ত ব্ৰিটিছ আঁতৰি যায়। অৱশেষত সেই বছৰৰে ১৪ মে’ত ইজৰাইল ৰাষ্ট্ৰ গঠন হয়। তাৰ পাছদিনাই ইজৰাইলে ৰাষ্ট্ৰ সংঘৰ সদস্য পদৰ বাবে আবেদন কৰে।

ইয়াৰ সদস্য ৰাষ্ট্ৰৰ ৮৩ শতাংশই ইজৰাইলক মান্যতা প্ৰদান কৰিছে। ২০১৯ ডিচেম্বৰ পৰ্যন্ত ১৯৩খন দেশৰ ১৬২ খনে ইজৰাইলক স্বীকৃতি দিছে। ইয়াৰ লগে লগে এক স্থানীয় সমস্যাই আঞ্চলিক বিবাদৰ ৰূপ পৰিগ্ৰহণ কৰে।

ইজিপ্ত, জর্ডান, ছিৰিয়া আৰু ইৰাকে নবগঠিত ইজৰাইলক আক্ৰমণ কৰে। সেয়াই আছিল প্ৰথম আৰৱ-ইজৰাইল সংঘৰ্ষ, যাক ইহুদীসকলৰ স্বাধীনতাৰ যুঁজ বুলিও কোৱা হয়।

এই যুদ্ধৰ সামৰণিৰ পাছত ৰাষ্ট্ৰসংঘই এখন আৰৱ ৰাষ্ট্ৰ গঠনৰ বাবে তাৰ অর্ধেক ভূমি সংৰক্ষণৰ কথা ঘোষণা কৰে। তেতিয়াৰে পৰাই পেলেষ্টাইনীসকলৰ বাবে বিপর্যয়ৰ যুগ আৰম্ভ হয়। সাত লক্ষাধিক পেলেষ্টাইনীয়ে পলায়ন কৰি চুবুৰীয়া ৰাষ্ট্ৰত আশ্রয় গ্রহণ কৰিবলগীয়া হয়।

ইহুদী সশস্ত্র বাহিনীয়ে সেইসকলক স্বভূমিৰ পৰা উচ্ছেদ কৰে। তাৰ পাছত ১৯৫৬ত চুৱেজ খালক লৈ ইজৰাইল আৰু ইজিপ্তৰ মাজত বিবাদৰ সূত্ৰপাত হয় যদিও যুদ্ধ অবিহনেই তাৰ মীমাংসা কৰাটো সম্ভৱ হয়।

কিন্তু ১৯৬৭ ত আৰৱ শক্তি আৰু ইজৰাইলৰ মাজত এক বৃহৎ যুদ্ধ হয় যাৰ প্ৰভাৱ পৰৱৰ্তী সময়ছোৱাতো পৰিলক্ষিত হয়। আৰৱ মিত্ৰ শক্তিৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি ইজৰাইলে চুবুৰীয়া দেশকেইখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ অঞ্চল নিজৰ দখললৈ নিবলৈ সক্ষম হয়।

সেইবাৰো কমেও পাঁচ লাখ পেলেষ্টাইনী গৃহহাৰা হয়। ১৯৭৩ ত ইজিপ্ত আৰু ছিৰিয়াই ঐক্যবদ্ধভাৱে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত অৱতীর্ণ হয়। ইয়াৰ জৰিয়তে ইজিপ্তে পূৰ্বৰ যুদ্ধত হেৰুওৱা অঞ্চল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰিৱৰ্তিত পৰিস্থিতিত ইজিপ্তে ইজৰাইলৰ স’তে শান্তি চুক্তিত উপনীত হয়। জর্ডানেও পাছত ইজিপ্তক অনুসৰণ কৰে। ইয়াৰ বিপৰীতে ৱেষ্ট বেংক আৰু গাজাষ্টীপক পেলেষ্টাইনৰ দুটা অংশ কৰি ৰখা হয়। এই দুই ভূখণ্ডৰ মাজত দূৰত্ব ৪৫ কিলোমিটাৰৰ।

১৯৬৭ৰ যুদ্ধত ইজৰাইলে গাজা দখল কৰিছিল যদিও ২০০৫ত সেই দখল এৰি দিয়ে। অৱশ্যে গাজাৰ বাসিন্দাসকলৰ লগতে অন্যান্য দিশসমূহ ইজৰাইলে নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সম্প্রতি গাজা হামাছৰ নিয়ন্ত্রণাধীন অঞ্চল। হামাছ হৈছে পেলেষ্টাইনৰ অন্যতম সশস্ত্ৰ গোট যিয়ে ইজৰাইলৰ স’তে বুজাবুজিক স্বীকৃতি নিদিয়ে।

ইয়াৰ বিপৰীতে ৱেষ্ট বেংকত পেলেষ্টাইন নেচনেল অথৰিটীৰ শাসন অব্যাহত আছে। আন্তঃৰাষ্ট্রীয় সম্প্রদায়ে এই চৰকাৰকে পেলেষ্টাইনৰ চৰকাৰৰ স্বীকৃতি প্ৰদান কৰি আহিছে।

এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনত বিলম্ব, ৱেষ্ট বেংকত ইহুদীৰ বসতি স্থাপন আৰু পেলেষ্টাইনৰ ভূখণ্ডৰ সীমাৰ চৌদিশে ইজৰাইলৰ সুৰক্ষা বেহুৱে দুই পক্ষৰ মাজত বিবাদ বৃদ্ধিত অৰিহণা যোগাই আহিছে। ২০০০ত তদানীন্তন মার্কিন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ মধ্যস্থতাত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত শান্তি স্থাপনৰ প্ৰচেষ্টা চলিছিল;

কিন্তু জেৰুজালেম, সীমান্ত আৰু ভূমি, ইহুদীৰ বসতি স্থাপন আৰু পেলেষ্টাইনী শৰণাৰ্থীৰ বিষয়কেইটাক লৈ ঐক্যমত নহ’ল আৰু ফলস্বৰূপে ৰাষ্ট্ৰপতি ক্লিন্টনৰ প্ৰচেষ্টাও ব্যর্থ হয়। ইজৰাইলে দাবী কৰে যে জেৰুজালেম তেওঁলোকৰ অধীনৰ অঞ্চল।
১৯৬৭ত পূব জেৰুজালেম দখল কৰাৰ পাছৰে পৰাই জেৰুজালেম তেওঁলোকৰ ৰাজধানী বুলি ইজৰাইলে দাবী কৰি আহিছে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে তাক স্বীকৃতি দিয়া নাই। আনহাতে, পেলেষ্টাইনে পূব জেৰুজালেমত তেওঁলোকৰ ৰাজধানী পাতিব খোজে। লগতে ১৯৬৭ৰ আৰৱ ইজৰাইল যুদ্ধৰ পূৰ্বৰ স্থিতি অনুসৰি তেওঁলোকৰ সীমা নির্ধাৰণৰ পেলেষ্টাইনে দাবী কৰি আহিছে যদিও ইজৰাইল তাত সম্মত হোৱা নাই।

পেলেষ্টাইনৰ বেদখলীকৃত অঞ্চলত ইজৰাইলে ইহুদীসকলৰ বসতি স্থাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি এনে কাৰ্য অবৈধ। ৱেষ্ট বেংক আৰু পূব জেৰুজালেমত ইতিমধ্যে পাঁচ লক্ষাধিক ইহুদীয়ে বাস কৰিছে। আনহাতে, পেলেষ্টাইনী শৰণাৰ্থী প্ৰায় এক কোটিৰ ওচৰা ওচৰি হ’ব বুলি পেলেষ্টাইনে দাবী কৰে।

CONFLICT4ইয়াৰে অর্ধেকসংখ্যক ৰাষ্ট্ৰসংঘত পঞ্জীয়নভুক্ত হৈ আছে। সেইসকল শৰণাৰ্থীৰ স্বভূমিলৈ উভতি আহি বসবাস কৰাৰ অধিকাৰ আছে বুলি পেলেষ্টাইনে দাবী কৰি আহিছে; কিন্তু বিড়ম্বনা হৈছে যি ভূমিৰ কথা তেওঁলোকে কৈ আহিছে সেয়াই আজিৰ ইজৰাইল।

ইজৰাইলৰ এই ‘বেদখল’ উচ্ছেদেই যে হামাছৰ মূল লক্ষ্য তাৰ ব্যাখ্যা নিষ্প্রয়োজন। ইয়াৰ বিপৰীতে ইজৰাইলে বিশেষকৈ গাজা আৰু হামাছৰ বিৰুদ্ধে এক নির্ণায়কৰ যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে। এনে পৰিপ্ৰেক্ষিতত এই অঞ্চলটোত সংঘাতৰ অৱসান হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।                                          ফোন:৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesEnd Of This ConflictIsrael-Palestine Conflictpranjal sen deka
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d