Fire : দীপাৱলীৰ প্ৰথম দিনাই ৰাজ্যত সংঘটিত ৫৬টা অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটীত সর্বাধিক ১৪ ঘটনা-মহিলাৰ মৃত্যু

fire 1

Fire :

দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্রাস্তুত সংঘটিত হয় সৰু-বৰ মুঠ ৫৬টা অগ্নিকাণ্ডৰ ঘটনা।

ইয়াৰে বৃহত্তৰ গুৱাহাটীত সর্বাধিক ১৪টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু যোৰাবাটত সংঘটিত অগ্নিকাণ্ডটোৱেই কালিৰ দিনটোত আটাইতকৈ ডাঙৰ অগ্নিকাণ্ডৰ ঘটনা আছিল বুলি অগ্নিনির্বাপক বাহিনীয়ে সদৰী কৰিছে।

উল্লেখ্য যে যোৰাবাটত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত সুজাতা চৌধুৰী (৪০) নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল। ৰাজধানী চহৰখনত নিশা ১২ বজা পর্যন্ত মুঠ ১৭টা অগ্নিকাণ্ডৰ তথ্য সংশ্লিষ্ট বাহিনীয়ে লাভ কৰিছিল। যদিও ইয়াৰে তিনিটা স্থানীয় ৰাইজে নির্বাপণ কৰিবলৈ সক্ষম হয় আৰু ১৪টা অগ্নিকাণ্ড ঘটনা অগ্নিনির্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে।

অৱশ্যে যোৰাবাটৰ ঘটনাক বাদ দি বাকী অগ্নিকাণ্ড ঘটনাসমূহৰ গৰিষ্ঠ সংখ্যকে আতচবাজীৰ ফিৰিঙতিৰ পৰা জাবৰ, পেলনীয়া সামগ্রী, শুকান গছ আদিত লগা জুই বুলি বিভাগে সদৰী কৰিছে। কালি ৰাজ্যৰ আন প্ৰান্ততো কে’বাটাও বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বাহিনীয়ে সদৰী কৰা অনুসৰি, ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ ন কৰৈগুৰি গাঁৱত সংঘটিত এক অগ্নিকাণ্ডত সুনীল শ‍ইকীয়া নামৰ লোকজনৰ ৰান্ধনীগৃহ জুইত জাহ যায়। শোণিতপুৰ চাৰিদুৱাৰৰ বগীজুলিত সংঘটিত আন এটা অগ্নিকাণ্ডৰ ঘটনাত পৰমা শ‍ইকীয়া নামৰ লোকজনৰ ব্যৱসায়িক প্রতিষ্ঠান জুইত জাহ যায়।

একেদৰে লামডিং কালীবাৰীৰ পাৰ্থ সেনগুপ্তৰ বাসগৃহত, মানকাচৰৰ নিউ মার্কেটত দীপক আগৰৱালাৰ কাপোৰ গুদাম-তিনিখন বাহন, তিতাবৰ পূবালী নগৰত ফার্ণিচাৰ ওদাম, কামপুৰৰ দৰঙীয়াল গাঁৱৰ সোমেশ্বৰ নাথৰ বাসগৃহ, নগাঁওৰ পুৰণিগুদাম মাহমৰা গাঁৱৰ হৰেণ ফুকনৰ ঘৰৰ চৌহদ, গোলাঘাট আঠাবাৰীত তিনিখন ব্যৱসায়িক প্রতিষ্ঠান আৰু ডবকাত ১০ টা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাসমূহত বিস্তৰ ক্ষতিসাধন হৈছে বুলি অগ্নিনির্বাপক বাহিনীয়ে সদৰী কৰিছে।

যোৱা নিশা ১২ বজা পর্যন্ত দ্বিতীয় সর্বাধিক ডিব্ৰুগড়ত ছটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। একেদৰে শোণিতপুৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, নগাঁও আৰু হোজাইত তিনিটাকৈ, মৰিগাঁও আৰু যোৰহাটত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ইয়াৰ উপৰি বজালী, গোৱালপাৰা, বৰপেটা, নলবাৰী, বাগ্‌সা, দক্ষিণ শালমাৰা, চিৰাং কৰিমগঞ্জ, চৰাইদেউ, গোলাঘাট, কোকৰাঝাৰ আৰু পূব কাৰ্বি আংলঙত এটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

এই অগ্নিকাণ্ডৰ গৰিষ্ঠ সংখ্যকে আতচবাজীৰ ফলত সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

Exit mobile version