Thousands of clay candles made for Diwali in Nalbari Saria Area:
পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন। দীপাৱলীলৈ মাজত এটা দিন বাকী থকাত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎ শিল্পীসকল।
নলবাৰীৰ মৃৎ শিল্পীসকলৰ মাজত দেখা গৈছে ভীষণ ব্যস্ততা। মৃৎ শিল্পক বুকুত সাৱটি ৰখা এখন বিশেষ গাঁও ৷ শিল্প চৰ্চাই জীৱনৰ চালিকা শক্তি হোৱা নলবাৰীৰ এখন গাঁও চৰিয়া ৷ যিখন গাঁৱত ঘৰে ঘৰে ঘূৰে শিল্পৰ চকা ৷
তেওঁলোকে নিৰ্মাণ কৰে মাটিৰ বিভিন্ন সামগ্ৰী ৷ বিশেষকৈ দীপাৱলীত জগত পোহৰাবলৈ সাজু হৈছে চৰিয়া গাঁওৰ মৃৎশিল্পী সকল ৷ সেয়েহে এতিয়া মাটিৰ চাকি তৈয়াৰত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল।
নলবাৰীৰ চৰিয়া গাঁৱৰ ৩৬ টা মৃৎ শিল্পীৰ পৰিয়ালে দৈনিক সাজি উলিয়াইছে চাৰি-পাঁচ হেজাৰকৈ মাটিৰ চাকি। মাটিৰ চাকি তৈয়াৰত ব্যস্ত হৈ পৰিছে চৰিয়াৰ ৩৬ টাকৈ মৃৎ শিল্পৰ লগত জড়িত পৰিয়াল।
মাটিৰ চাকিৰ লগতে মাটিৰ বিভিন্ন বাচনো তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। এইবেলি দীপাৱলীত জগত পোহৰাবলৈ লাখ লাখ চাকি নিৰ্মাণ কৰি উলিয়াইছে চৰিয়া গাঁৱৰ লোকসকলে।
কোনো চৰকাৰী সাহায্য অবিহনে দ্বীপৰ বিল, আজ্ঞাঠুৰি, গুৱাহাটী আদিৰ পৰা এঠাল আৰু ৰঙচুৱা মাটি ক্ৰয় কৰি আনি এইসকল মৃৎ শিল্পীয়ে নিজৰ থলুৱা উদ্যোগটোক জীয়াই ৰখাৰ বাবে আপ্রাণ চেষ্টা চলাই আহিছে ।
পিছে এইসকল শিল্পীয়ে বছৰ বছৰ ধৰি মাটিৰ চাকিকে ধৰি মাটিৰ বিভিন্ন পাত্ৰ তৈয়াৰ কৰি আহিছে যদিও শিল্পীসকলে আজিও বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তাৰ মাজতে ধৰি ৰাখিছে সাতাম পুৰুষীয়া এই কাম।
এইসকল শিল্পীৰ হাতত প্ৰাণ পাই উঠা চাকিয়ে পোহৰাই তুলিব আপোনাৰ -মোৰ পদুলি । আনহাতে, সাতামপুৰুষীয়া এই বৃত্তিটোত এইসমূহ পৰিয়ালৰ কোনো চৰকাৰী সা-সুবিধা -নোপোৱাৰ বাবেই নতুন প্ৰজন্মই আকৃষ্ট হোৱাৰ পৰা বিৰত থাকে মৃৎ শিল্পৰ প্ৰতি ।
ফলত ক্ৰমাৎ হেৰাই যোৱাৰো উপক্ৰম ঘটিছে মৃৎ শিল্পৰ । কিয়নো চৰিয়াৰ এইসকল দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ মৃৎ শিল্পৰেই চলি আহিছে জীৱন জীৱিকা। বছৰ বছৰ ধৰি চাকি-বন্তি অন্যান্য সামগ্রী নির্মাণ কৰি আহিছে যদিও চৰকাৰৰ কোনো আঁচনিয়ে আজিলৈ তেওঁলোকক ঢুকি নাপালে ৷