APSC Scam:এপিএছচিত কাললৈ কুখ্যাতি ৰখাসকলকে সুৰক্ষাৰ অপচেষ্টা

ন্যায়িক তদন্তত ফাদিল জালিয়াতি বিষয় ছটা, উত্তৰবহী ওলাল আঠখন, ২০১৪ৰ পৰীক্ষাত সংঘটিত ভয়াৱহ জালিয়াতিৰ ন ন তথ্য

apsc scam

APSC Scam:

অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০১৩ আৰু ২০১৪ৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন সম্প্রতি চৰকাৰৰ মেজত ৷

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক লৈ গঠিত আয়োগৰ দুয়োখন প্ৰতিবেদন হাতত পৰাৰ পাছত একেলগে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল; কিন্তু চৰকাৰে শেহতীয়াকৈ যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ জৰিয়তে জালিয়াতিত ৰক্ষণাবেক্ষণৰ চেষ্টাহে চলিছে বুলি অভিযোগ উত্থাপিত হৈছে।

বিশেষকৈ ন্যায়িক চিনাক্ত কৰা ২০১৪ৰ ৩৪ জন বক্ৰপথৰে চাকৰি কৰা ৰাজপত্রিত বিষয়াক বৰ্খাস্ত কৰাৰ পৰিবৰ্তে ৰাইজৰ চকুত ধূলি দি বিভাগীয় কার্যব্যবস্থাহে গ্ৰহণৰ সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্ৰ প্রতিক্ৰিয়াৰ।

যিহেতু সেইসকলে জালিয়াতিৰে নিযুক্তি লাভ কৰিছে, গতিকে তেওঁলোকক বৰ্খাস্ত কৰাটোৱে চৰকাৰৰ সিদ্ধান্ত হ’ব লাগে বুলি দাবী উত্থাপিত হৈছে।

এই বিতৰ্ক তথা চৰকাৰৰ ৰক্ষণাবেক্ষণৰ চেষ্টাৰ মাজতে ২০১৪ একাংশ প্রার্থী জালিয়াতি কৰিছিল তাৰ তথ্য পোহৰলৈ আহিছে। ন্যায়িক আয়োগৰ তদন্তত তেনে জালিয়াতি পোহৰলৈ অহাত সেই বিষয়বোৰ প্রতিবেদনতো সন্নিবিষ্ট হৈছে। জালিয়াতিৰ সমান্তৰালকৈ সংশ্লিষ্ট প্রার্থীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কেনেকুৱা চেষ্টা চলিছে সেয়াও চৰ্চাৰ আন এক বিষয় হৈ পৰিছে।

অসম আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হৈ নিযুক্তি লাভ কৰা আৰু শেহতীয়াকৈ বিশেষ ৰহস্যজনক হস্তক্ষেপত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ত অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে ডেপুটেছনত কৰ্মৰত হ’বলৈ সক্ষম হোৱা ৰুমিৰ টিমুংপিৰ লঞ্চে ক্ষেত্ৰতে তেনে জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে।

পাহাৰৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পদত নির্বাচিত হৈ নিযুক্তি লাভ কৰা টিমুংগিয়ে মূল পৰীক্ষাৰ এখন প্ৰশ্নকাকতৰ উত্তৰবহীত নম্বৰ লাভ কৰিছিল । কিন্তু তেওঁক পোনহাটে কোনো কাৰণ নোহোৱাকৈ ২০০ নম্বৰ অতিৰিক্তকৈ বঢ়াই দিয়া হয়।

ফলত টিমুংপিৰ লঞ্চে মুঠ নম্বৰৰ পৰিমাণ ৭৭৮ লৈ বৃদ্ধি হয়। উক্ত বৰ্ষত পাহাৰৰ অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত কাৰ্ট অৱ নম্বৰ আছিল ৬৩১। গতিকে টিমুংপিয়ে কাট অৱতকৈ বহু কম নম্বৰ লাভ কৰিছিল; কিন্তু ৰাকেশ পাল বাহিনীয়ে এনেই ২০০ নম্বৰ বঢ়াই দি উত্তীৰ্ণ কৰাই দিয়ে।

টিমুংপিয়ে পৰীক্ষাত প্ৰকৃততে লাভ কৰা নম্বৰবোৰ আছিল সাধাৰণ ইংৰাজীত ১২৫, সাধাৰণ জ্ঞানত ১১৩, ৰাজনীতি বিজ্ঞানৰ প্ৰথম কাকতত ৬১, ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় কাকতত ৭৭, সমাজতত্ত্বৰ প্ৰথম কাকতত ৮৫ আৰু দ্বিতীয় কাকতত ১১৭ নম্বৰ লাভ কৰিছিল।

অসম আৰক্ষী সেৱাত নিযুক্তি লাভ কৰা আন এগৰাকী প্রার্থী সুকন্যা দাসৰ ক্ষেত্ৰত আকৌ আন এক আজৱ তথ্য পোহৰলৈ আছে। মূল পৰীক্ষাত দুখন প্রশ্নকাকতৰ বিপৰীতে ছটা উত্তৰবহী থাকে; কিন্তু এই গৰাকী বিষয়াৰ ক্ষেত্ৰত দুখন বহী অতিৰিক্তকৈ ওলায়। অর্থাৎ তেওঁৰ উত্তৰ বহী ওলায় আঠটা।

বৰকিৰি টেৰাং নামৰ বিষয়াগৰাকীয়ে ২০১৩ ত সহযোগী সেৱাৰ কৰ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিছিল। ২০১৪ত তেওঁ পুনৰ পৰীক্ষা দি অসম আৰক্ষী সেৱালৈ নির্বাচিত হয়। প্ৰথমবাৰতে তেওঁৰ বহীত খেলি-মেলি ধৰা পৰিছিল।

এনেদৰে ইজনৰ পাছত সিজন বিষয়াৰ জালিয়াতিৰ তথ্য ন্যায়িক তদন্ত আয়োগে ধৰা পেলায়। বিশেষ সূত্রই সদৰি কৰে যে এপিএছচিত ২০১৪ৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিক লৈ আৰক্ষীয়ে কৰা তদম্ভত ধৰা নপৰা ৩৪ জনক ন্যায়িক তদস্ত আয়োগে ধৰা পেলায়। এই ৩৪ জনৰ ক্ষেত্ৰত তেওঁলোকে বক্রপথৰে চাকৰি সংগ্ৰহ কৰাৰ সকলো তথ্য মজুত আছে।

এইকেইজনৰ বাদেও আন কে’বাজনৰো ক্ষেত্ৰত আযোগে জালিয়াতিৰ তথ্য লাভ কৰিছে, কিন্তু ৩৪ জনৰ দৰে সেইসকলৰ ক্ষেত্ৰত জালিয়াতিৰ প্রামাণ্য তথ্য আয়োগে উদ্ধাৰ কৰিব পৰা নাই।

আগন্তুক দিনত সেয়েহে জালিয়াতিৰ আশ্রয় লোৱা ৩৪তকৈ অধিক সংখ্যকৰ নাম পোহৰলৈ অহাটো নিশ্চিত হৈছে। প্ৰসংগক্ৰমে সূত্ৰত প্রকাশ যে অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াৰ পত্নীৰো উত্তৰবহীৰ আটাইকেইখনতে জালিয়াতি ধৰা পৰিছে তদন্ত প্রক্রিয়াত।

ন্যায়িক আয়োগৰ তদম্ভত উত্তৰবহীত আখৰ নিমিলা, উত্তৰবহীৰ ভিতৰৰ পৃষ্ঠাবোৰ পাছত সংলগ্ন কৰি দিয়া, টেবুলেছনৰ সময়ত অধিক নম্বৰ দিয়া আদি বেছিভাগ প্ৰাৰ্থীৰ ক্ষেত্ৰতে আছিল সাধাৰণ ঘটনা।

ইপিনে, চৰকাৰৰ সূত্ৰই সদৰী কৰে যে আৰক্ষীয়ে সংশ্লিষ্ট ৩৪ জনৰ তথ্য নিজৰ তদন্ততে পোহৰলৈ আনিবলৈ সক্ষম হ’লহেঁতেন। বিভিন্ন পক্ষৰ হস্তক্ষেপৰ বাবেই এনে নোহোৱাৰ সম্ভাবনা ব্যক্ত কৰা হৈছে।

উদাহৰণ স্বৰূপে ৰুমিৰ টিমুংপিৰ লঞ্চে হ’ল কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ এজন প্রভাৱশালী কাৰ্যবাহী সদস্যৰ জীয়ৰী। তেওঁৰ পাৰিবাৰিক সম্পর্ক অচিৰেই গঢ়ি উঠিৰ কাৰ্বি আংলঙৰ এটা সমষ্টিক প্ৰতিনিধিত্ব কৰা পূৰ্বৰ কংগ্ৰেছী আৰু বৰ্তমানৰ এজন বিজেপি বিধায়কৰ পুত্ৰৰ লগত ৷

Exit mobile version