King Kohli Has Broken Master Blaster Sachin Tendulkar’s Record:শতকৰ অৰ্ধশতকৰ বিৰল গৌৰৱৰ অধিকাৰী কিং কোহলি

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বিৰাটৰ, অভিলেখ ভংগৰ পাছতে কোহলিৰ সৈতে শচীনৰ আলিংগন

VIRAT KOHLI 1

King Kohli Has Broken Master Blaster Sachin Tendulkar’s Record:

বিশ্বকাপ ক্ৰিকেটত কিং কোহলিৰ অভিলেখ। কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ  বিৰাট কোহলিৰ। শতকৰ অৰ্ধ শতকৰ বিৰল গৌৰৱৰ অধিকাৰী হয় কিং কোহলি ৷

ৱাংখাড়ে ষ্টেডিয়ামত আই চি চি বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত আজি নিউজিলেণ্ডৰ বিৰুদ্ধে এই অভিলেখ অৰ্জন কৰে কোহলিয়ে ৷ ইয়াৰ লগে লগে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতকৰ অধিকাৰী হ’ল টিম ইণ্ডিয়াৰ প্ৰাক্তন কেপ্তেইন গৰাকী।

পূৰ্বে তেণ্ডুলকাৰৰ নামত আছিল সৰ্বাধিক শতকৰ অভিলেখ ৷ এদিনীয়া ক্ৰিকেটত ৪৯ টা শতক আছিল মাষ্টাৰ ব্লাষ্টাৰ তেণ্ডুলকাৰৰ ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে শতকৰ পিছতে এই অভিলেখ ২০২৩ বিশ্বকাপত তৃতীয়টো শতক বিৰাট কোহলিৰ ৷ আনহাতে টুইটযোগে বিৰাট কোহলিক অভিনন্দন জনাই শচীন তেণ্ডুলকাৰে

উল্লেখ্য যে, এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীৰ এয়া আছিল ৫০ সংখ্যক শতৰান। বিৰাট কোহলীৰ এই অভিলেখৰ লগে লগে শচীন তেণ্ডুলকাৰেও হাত চাপৰিৰে অভিনন্দন জনায় কোহলীক। কোহলীয়েও ক্ৰিকেটৰ ভগৱানক খেলপথাৰৰ পৰাই জনালে সেৱা ৷

Exit mobile version