Police Firing In Bilasipara:বিলাসীপাৰাৰ মাছপাৰাত নিশা আৰক্ষীৰ গুলীচালনা

কুখ্যাত অপৰাধীলৈ লক্ষ্য কৰি শূন্যলৈ গুলীচালনা আৰক্ষীৰ, শূন্যলৈ ৮ জাঁই গুলীচালনা কৰি আটক দুৰ্ধৰ্ষ অপৰাধী আলী আকবৰ ওৰফে আলু

bilasipara police firing

Police Firing In Bilasipara:

বিলাসীপাৰাত মঙলবাৰে নিশা পুনৰ আৰক্ষীৰ গুলীচালনাৰ ঘটনা । এটা দুৰ্ধৰ্ষ অপৰাধীলৈ আৰক্ষীয়ে লক্ষ্য কৰি শূন্যলৈ গুলীচালনা কৰে সাত জাইকৈ গুলী। বিলাসীপাৰাৰ মাছ পাৰাত নিশা সংঘটিত হয় এই ঘটনা ৷

উল্লেখ্য যে, আৰক্ষীৰ পৰা হাত সাৰিবলৈ অপৰাধীটোৱে পলায়ন কৰি থকা অৱস্থাতে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা । আৰক্ষীৰ গুলীৰ পৰা হাত সাৰিবলৈ অপৰাধীটে পানীত জাঁপ মাৰি অন্তধাৰ্ন হৈ পৰে ৷

অৱশ্যে কেইবা ঘণ্টা যোৰা অভিযানৰ পিছত আৰক্ষীয়ে আলী আকবৰ নামৰ দুৰ্ধষ অপৰাধীটোক আটক কৰিবলৈ সক্ষম হয়। ধৃত আলী আকবৰৰ‌ ঘৰ বিলাসীপাৰা‌ চাটা পাৰাত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ ইতিমধ্যে কুখ্যাত অপৰাধীটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version