Aap Assam President Bhaben Choudhari :১৬ নবেম্বৰৰ পৰা আপ অসমৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচী৷ চহৰৰ লগতে গাঁৱতো বৃদ্ধি পাইছে আম আদমি পাৰ্টীৰ জনপ্ৰিয়তা

আমাৰ গাওঁখনিৰ বিকাশ নহ’লে সোণৰ অসমৰ সপোন দিঠক নহ’বঃ ডা° ভবেন চৌধুৰী

bhaben

Aap Assam President Bhaben Choudhari :

অসমত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন সমাগত৷ সকলোবোৰ ৰাজনৈতিক দলেই নিজ নিজ দলৰ প্ৰচাৰত নামি পৰিছে৷ কিন্তু আম আদমি পাৰ্টীয়ে আগবাঢ়িছে এক ব্যতিক্ৰমী ৰাষ্টাৰে ৷

আজি এক প্ৰেছ বিবৃত্তি যোগে আপ অসমৰ ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰীয়ে কয় যে আপ অসমৰ জনপ্ৰিয়তা চহৰৰ লগতে গাওঁতো বৃদ্ধি পাইছে৷ উন্নত শিক্ষা, স্বাস্থ্যসেৱা আৰু কৰ্মসংস্থাপনৰ আশাত প্ৰায় সকলোৱেই চহৰমূখী হৈছে, ফলত গাওঁ সমূহৰ উন্নয়ন স্থবিৰ হৈ পৰিছে৷ ডা° চৌধুৰীয়ে আক্ষেপেৰে কয় যে আমাৰ গাওঁখনিৰ বিকাশ নহ’লে সোণৰ অসমৰ সপোন দিঠক নহ’ব ৷ আমি সকলোৱেই গাওঁমূখী হোৱাৰ সময় আহি পৰিছে৷ অসমৰ মুঠ মাটিকালিৰ ৯৮.৪% গাওঁ আৰু ৮৫.৯% লোক এতিয়াও গাওঁ অঞ্চলতেই বাস কৰে ৷

সময়ৰ আহ্বানত আম আদমি পাৰ্টীও গাওঁমূখী হৈছে৷ চুবুৰীৰ অভাৱ, অভিযোগ, দুৰ্নীতিৰ বিষয়ে বিষদভাৱে বুজ ল’বলৈ আপে ১৬ নবেম্বৰৰ পৰা ১৫ ডিচেম্বৰ ২০২৩ লৈকে গাৱঁলৈ যাত্ৰা কাৰ্যসূচীৰ ৰূপায়ণ কৰিব ৷

গাৱঁৰ বুঢ়ামেথাৰ আশীৰ্বাদ লব’লৈ, সচেতন ব্যক্তিৰ পৰা উপদেশ লব’লৈ গাঁৱেভূঞে যাত্ৰা কৰিব আপ অসম৷ কঢ়িয়াই লৈ যাব অৰবিন্দ কেজৰীৱালৰ সপোনঃ বিশ্বমানদণ্ডৰ শিক্ষা, উন্নত স্বাস্থ্য সেৱা আৰু বিশ্বৰ ১ নম্বৰৰ দেশ গঢ়াৰ প্ৰতিশ্ৰুতি ৷

Exit mobile version