Meghalaya Track Fire:মেঘালয়ৰ সোনাপুৰত অঘটন !

নিশা পথৰ ওপৰতে দাওদাওকৈ জ্বলি উঠিল চলন্ত ট্ৰাক, কথমপি ৰক্ষা চালক- হেণ্ডিমেনৰ

fire 2

Meghalaya Track Fire:

চুবুৰীয়া মেঘালয়ৰ সোনাপুৰ ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন চলন্ত ট্ৰাক ৷ বুধাবাৰে মাজনিশা দুই বজাত হঠাতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ট্ৰাকখন ৷ দুঘণ্টা সময় জ্বলি আছিল ট্ৰাকখন ৷

এই বিধ্বংসী অগ্নিকাণ্ডৰ লগে-লগে ট্ৰাকৰ জপিয়াই কথমপি ৰক্ষা পৰে ট্ৰাকখনৰ চালক- আৰু হেণ্ডিমেন ৷

উল্লেখ্য যে, কাছাৰৰ দিশৰ পৰা মেঘালয়ৰ দিশে গৈ থকা অৱস্থাতে পথৰ ওপৰতে জ্বলি উঠে ট্ৰাকখন ৷ কি কাৰণত এইদৰে চলন্ত অৱস্থাত জ্বলি উঠিল সেই বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে সন্দেহ কৰা মতে কাৰিকৰী বিজুটিৰ বাবে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷

মেঘালয় আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

Exit mobile version