Woman Missing With Three-Year-Old Child:তিনিবছৰীয়া সন্তানসহ সন্ধানহীন মহিলা

পঞ্চাশ হেজাৰ টকা আছিল মহিলা গৰাকীৰ হাতত

missing women

Woman Missing With Three-Year-Old Child:

নগাঁৱৰ কামপুৰত সন্ধানহীন এগৰাকী বিবাহিতা মহিলা ৷ নিজৰ তিনিবছৰীয়া পুত্ৰ সন্তানসহ নিৰুদ্দেশ হৈ থকা মহিলা গৰাকীৰ নাম ঘিলানীৰ জাবেদা বেগম ৷

উল্লেখ্য যে, দুদিন পূৰ্বে কাজিৰঙাৰ এটা বেংকত থকা জমা ধন উলিয়াবলৈ নিজৰ পুত্ৰৰ সৈতে গৈ সন্ধানহীন হয় ৷ স্বামী মহম্মদ গোলাম হুছেইনে জানিব দিয়া মতে,তেওঁৰ পত্নীৰ হাতত আছিল নগদ ৫০ হেজাৰ টকা ৷

ইতিমধ্যে দুৰ্ভগীয়া স্বামী মহম্মদ গোলাম হুছেইনে পত্নী- কণমানি পুত্ৰ নিখোজৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে কচুৱা থানাত ৷ একেদৰে কোনো লোকে পত্নী জাবেদা বেগমৰ সন্ধান পালে ৮৮৪৮৯৮৭৯০৫ নম্বৰত অথবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামী পৰিয়ালে।

Exit mobile version