Eminent National Award Winning film Director Hemen Das Passes Away:ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান

hemen das passes away

Eminent National Award Winning film Director Hemen Das Passes Away:

ৰাজ্যৰ বিশিষ্ট চলচ্চিত্র পৰিচালক হেমেন দাসৰ দেহাৱসান । ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পৰিচালক গৰাকীয়ে ৭৭ বছৰ বয়সত শেষ নিশ্বাস কৰে।

তেখেতেপৰিচালনা কৰা ‘যুঁজ’ ছবি খনে ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল ৷ তদুপৰি হেমেন দাসৰ সু-পৰিচালনাৰে নিৰ্মাণ কৰা ‘মৃগনাভি ‘গৰখীয়া’নামৰ চিনেমা দুখনে দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷

মৰিগাঁও জিলাৰ আহঁতগুৰিৰ নিবাসী প্ৰয়াত দাস একেধাৰে লেখক,অভিনেতা,চিত্ৰ নাট্যকাৰ আৰু এজন সফল চলচ্চিত্ৰ পৰিচালক ৷ অসম সচিবালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থাকি ২০০৪ ত অৱসৰ গ্ৰহণ কৰে ৷
উল্লেখ্য যে, নাট্যকাৰ- পৰিচালক দুলাল ৰয়ৰ’আশ্ৰয়’নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অসমীয়া চিনেমা ক্ষেত্ৰ খনত ভৰি দি প্ৰয়াত দাসে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিজৰ প্ৰথম খন চিনেমা’যুঁজ’ৰ বাবে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা ৰজত কমল আজুৰি আনিবলৈ সক্ষম হয় ৷

আনহাতে পৰৱৰ্তী সময়ত ২০১৭ ত তেওঁৰ শেষৰ খন ছবি”মৃগনাভি’ লাভ কৰিবলৈ সক্ষম হৈছিল বহু কেইটা বঁটা ৷

দীৰ্ঘদিনৰ পৰা অসুখ হৈ থকা পত্নীহাৰা হেমেন দাসে মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ কামৰূপ মহানগৰ জিলাৰ উন্নয়ণ আয়ুক্ত গৌৰীশংকৰ দাস,এগৰাকী বিবাহিতা জীয়ৰী,বোৱাৰী আৰু নাতি- পুত্ৰ ইহসংসাৰত এৰি থৈ যায় ৷

প্ৰথিতযশা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যত ৷ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ৷

Exit mobile version