Voting Started In The Morning In Two States Of The Country:দেশৰ দুই ৰাজ্যত পুৱাৰে পৰা আৰম্ভ ভোটদান

মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ভোটগ্ৰহণ অব্যাহত, চত্তীশগড়ৰ ধৰ্মীত নক্সালবাদীৰ আই ই ডিৰে আক্ৰমণ, চিআৰপিএফ ,ডি আৰ জিক লক্ষ্য কৰি আই ই ডিৰ বিস্ফোৰণ

voting

Voting Started In The Morning In Two States Of The Country:

আজি পুৱাৰ পৰা দেশৰ দুই ৰাজ্য মধ্য প্ৰদেশ আৰু চত্তীশগড়ত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধ।
মধ্য প্ৰদেশত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বিপৰীতে ইয়াৰ চণ্ডীশগড়ত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱা ৮ বজাৰ পৰা ৷

চত্তীশগড়ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে ধৰ্মীত নক্সালবাদীৰ আই ই ডিৰে আক্ৰমণ ৷ ভোটগ্ৰহণত নিয়োজিত চি আৰপিএফ ,ডি আৰ জিক লক্ষ্য কৰি আই ই ডিৰ বিস্ফোৰণ ৷ আই ই ডিৰ বিস্ফোৰণত আহত হয় এজন চিআৰপিএফ জোৱান

ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ ৭০টা সমষ্টিৰ বাবে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে ৯৫৮গৰাকী প্ৰাৰ্থীয়ে ৷ উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত ২০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল।

ৰাজ্য খনৰ ২২ খন জিলাত অনুষ্ঠিত হোৱা নির্বাচন সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব যদিও দুৰ্গম অঞ্চল সমূহত কিছু দেৰিলৈকে ভোটদান চলাৰ সম্ভাৱনা আছে
ৰাজ্যৰ ৭০ খন আসনৰ ভিতৰত ৯ খন এছচি আৰু ১৭ খন এছটিৰ বাবে সংৰক্ষিত। ৭০ খন আসনত মুঠ ১.৬৩ কোটি ভোটাৰ আছে, যাৰ ভিতৰত ৮১.৪২ লাখ পুৰুষ ভোটাৰ আৰু ৮১.৭২ লাখ মহিলা ভোটাৰ। আনহাতে তৃতীয় লিংগৰ ৬৮৪ জন ভোটাৰ আছে৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈ ছত্তিশগড়ত ৩৭.৮৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনত বলৰামপুৰত সৰ্বাধিক ৪৪.৭৫ শতাংশ আৰু ছুৰাজপুৰত ৪৪.৬৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ইয়াৰ বিপৰীতে বিলাসপুৰত সৰ্বনিম্ন ২৯.৬৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দাবী কৰিছে কংগ্ৰেছে ৯০ খন আসনৰ ভিতৰত ৭৫ খনৰো অধিক আসন লাভ কৰিব। এই নিৰ্বাচনত কংগ্ৰেছৰ সন্মুখত নাই কোনো প্ৰতিদ্বন্দিতা ৷ এইবাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে নিচ্ছিন্ন হ’ব বিজেপি ৷

দেশৰ বিশাল ৰাজ্য হিচাপে পৰিগণিত মধ্যপ্ৰদেশত আজি ৫.৬ কোটি জনতাই ভাগ্য নিৰ্ণয় কৰিব কংগ্ৰেছ,বিজেপি সহ বিভিন্ন দল আৰু নিদ্দলীয় প্ৰাৰ্থীৰ ৷ মধ্যপ্রদেশত ২৩০খন আসনৰ বাবে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছে ২,৫৩৩গৰাকী প্ৰাৰ্থীয়ে ৷ মুল যুঁজ হ’ব বিজেপি আৰু কংগ্ৰেছৰ মাজত ৷ ইতিমধ্যে দুয়োটা দলে নিৰ্বাচনত জয়ী হ’ব বুলি আশাবাদী ৷

পুৱাৰে পৰা অব্যাহত থকা ভোটদান পৰ্বত বিয়লি ১ বজালৈকে মধ্যপ্ৰদেশত ৪৫.৪০ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ । ৰাজ্যখনত বালাঘাটত সৰ্বাধিক ৫৪.৪৭ শতাংশ আৰু শ্বাজাপুৰত ৫৪.২৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হোবাৰ বিপৰীতে ৰাজধানী চহৰ ভূপালত সৰ্বনিম্ন ৩২.৮৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

আনহাতে,ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথক ভোটকেন্দ্ৰত প্ৰৱেশত বাধা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ নকুল নাথে বাৰাৰিপুৰৰ এটা ভোট কেন্দ্ৰত অনাধিকাৰ প্ৰৱেশৰ সময়তে একাংশ বিজেপি কৰ্মীয়ে আহি তেওঁক প্ৰৱেশত বাধা দিয়ে ৷

Exit mobile version