Chhath Puja In Assam:ৰাজ্যৰ ভিন্ন প্ৰান্তত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ

chhath puja 4

Chhath Puja In Assam:

ৰাজ্যৰ ভিন্ন প্ৰান্তত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিতো উলহ-মালহেৰে পৰম্পৰাগত ষট্ পূজা উদযাপনৰ চলিছে ব্যাপক প্ৰস্তুতি। কেবা তৰপীয়া পূজা বেদীসমূহত ৰং তুলিকাৰে ৰঙীন কৰি তোলাৰ লগতে পূজাস্থলীত চলিছে চাফাই অভিযান।

আন আন বৰ্ষৰ দৰে এইবাৰো খেৰণিঘাট আনন্দ মিলন পূজা সমিতিৰ ব্যৱস্থাপনাত ষট্ পূজা উৎদযাপনৰ চলিছে এই প্ৰস্তুতি। পূৰ্বৰ দৰে ষট্ পূজাৰ দিনটোত বিশেষকৈ পূজা অৰ্চনাৰ বাবে খেৰণিৰ কপিলি নৈৰ দুয়ো পাৰত ভক্তপ্ৰাণ লোকেৰে লোকাৰণ্য হৈ পাৰিব।

লগতে আন্যান্য ভাষা -ভাষী লোকেও পূজাস্থলীত ভিৰ কৰি আনন্দ উপভোগ কৰা পৰিলক্ষিত হ’ব। মুঠতে প্ৰায় চাৰি-পাঁচ হাজাৰ লোকৰ সমাগম ঘটিব এই পূজাস্থলীত।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কপিলি নৈ পাৰৰ বাকৰিৰ লগতে খেৰণি চাৰিআলি, লামচাখাং, নৱাইবিল, মাইলু, হাৱাইপুৰ, মাটিখলা, জেংখা আদি ঠাইতো ষট্ পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ।

Exit mobile version