World Cup Cricket Will Be Played In Ahmedabad Tomorrow:
দেওবাৰে বিশ্বকাপ ক্রিকেটৰ মহাৰণ। খিতাপৰ যুঁজত নামিব দুই শক্তিশালী টিম ভাৰত-অষ্ট্ৰেলিয়া।
উল্লেখ্য যে,কুৰিবৰ্ষৰ পিছত বিশ্বকাপৰ ফাইনেলত পুনৰ একেলগে দেখা যাব ভাৰত-অষ্ট্ৰেলিয়াক। ইতিমধ্যে এই হাই ভল্টেজ ফাইনেল খেল খনৰ বাবে অধিৰ আগ্ৰহৰে বাট চাইছে ক্ৰিকেট প্ৰেমী ৷
গুজৰাটৰ ৰাজধানী চহৰৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা হাই ভল্টেজ ফাইনেল মেটচ খনত মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াক ৷
উল্লেখ্য যে,দুবাৰৰ চেম্পিয়ন ভাৰত এইবাৰ হট ফেভাৰিট হোৱাৰ বিপৰীতে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া ভাৰতৰ বাবে নহয় সহজ প্ৰতিদ্বন্দ্বী ৷
ফাইনেল খেল খন উপভোগ কৰিবৰ বাবে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্রী এন্থনী আলবানিজ ৷ পি এম মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ চহৰ আহমেদাবাদলৈ ইতিমধ্যেই আগমন ঘটিছে হাই প্ৰফাইল ভিভিআইপি আৰু ভিআইপি ৷
যাৰবাবে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ষ্টেডিয়াম সহ আহমেদাবাদ চহৰ খন ৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১ লাখ ৩০ হাজাৰ ক্রিকেট অনুৰাগীয়ে উপভোগ কৰিবৰ বাবে বলীউডৰ তাৰকাৰ লগতে দেশ- বিদেশৰ ক্ৰিকেট অনুৰাগীৰ ভিৰ বাঢ়িছে ঐতিহাসিক চহৰখনত ৷
হাই ভল্টেজ খেলখনৰ আৰম্ভণি ,মাজভাগত আৰু সামৰণিৰ গ্রেণ্ড ফিনালেত প্ৰখ্যাতপ’পষ্টাৰ ডুৱা লিপাই সংগীত পৰিৱেশন কৰাৰ লগতে বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক প্ৰীতমৰ নেতৃত্বত পৰিবেশন কৰিব বহু কেইগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পীয়ে।