Disease Prevention With Green Fresh Vegetables:সেউজীয়া সতেজ শাক-পাচলিৰে ৰোগ প্ৰতিৰোধ

vegitable

Disease Prevention With Green Fresh Vegetables:

প্রায়ভাগ লোকে খাদ্য তালিকাত শাক-পাচলি অন্তর্ভুক্ত কৰে। আজিকালি যদিও কিছুমান লোকে শাক-পাচলিৰ পৰিৱৰ্তে পশ্চিমীয়া দেশৰ খাদ্য সম্ভাৰ খাবলৈ লৈছে তথাপি যিসকলে শাক-পাচলি আদি দৈনন্দিন খাদ্য তালিকাত অন্তর্ভুক্ত কৰে তেওঁলোকৰ তুলনামূলকভাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি হয়।

ADVERTISEMENT

সতেজ সেউজীয়া শাক-পাচলিত থকা বিভিন্ন উপাদানে শক্তি-পুষ্টি যোগান ধৰা বাবে বিভিন্ন অংগ- প্রত্যংগই কার্য স্বাভাৱিকভাৱে সম্পাদন কৰিব পাবে। সেই বাবে সকলোৱে দৈনন্দিন খাদ্য তালিকাত শাক-পাচলি অন্তর্ভুক্ত কৰা উচিত।

শাকত আঁহৰ পৰিমাণ বেছি থাকে। সেই বাবে তেজত ক’লেষ্টেৰলৰ পৰিমাণ বৃদ্ধি নহয়। নিয়মীয়াকৈ শাক-পাচলি খোৱাৰ ফলত শৰীৰত এছিডৰ সমতা ৰক্ষা কৰে।

• কিছুমান শাকত প্ৰচুৰ পৰিমাণে ফলিক এছিড আৰু কেলচিয়াম পোৱা যায়। ৰক্তহীনতা বা এনিমিয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এনেধৰণৰ শাকে বিশেষ ভূমিকা গ্রহণ কৰে।

মাটি কাদুৰি শাকত বেছিকৈ শৰ্কৰা পোৱা যায়। সেই বাবে ইয়াক শক্তিদায়ক, হিচাপে গণ্য কৰা হয়। পদিনা, মেথি শাক আদিত প্ৰচুৰ পৰিমাণে আঁহ থাকে বাবে ক’লেষ্টেৰ’ল নিয়ন্ত্রণত সহায় কৰে।

• শাকত প্লেন্ট চেলুক’জ বেছিকৈ থাকে। সেই বাবে ইয়াক ব’গহেজ বুলি কোৱা হয়। ৰ’গহেজে খাদ্য নলীৰ গতিবেগ নিয়ন্ত্রণ কৰাত সহায় কৰে। তদুপৰি খাদ্যনালীত থকা বস নির্গত হোৱাটো ই সহায়ক।

Exit mobile version