Udalguri:ওদালগুৰিৰ শিহৰণকাৰী শিশু হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ

udalguri

Udalguri:

অৱশেষত গ্ৰেপ্তাৰ হ’ল শিশু হত্যাকাণ্ডৰ অভিযুক্ত কাঠফলা মিলৰ কৰ্মচাৰী মজনু আলী। সোমবাৰে সাপমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুনীল সৰকাৰৰ নেতৃত্বত চলোৱা অভিযানত মজনু আলী সহ ছফিকুল ইছলাম নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে যোৱা ৫ নৱেম্বৰ তাৰিখে ওদালগুৰি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত সাপমাৰী আৰক্ষী চকীৰ এলেকাৰ মেধিপাৰা গাওঁৰ মেচাৰ্ছ আকতাৰ ফাৰ্নিচাৰ টিম্বাৰ শ্বপ নামৰ সন্দেহজনক কাঠফলা মিলত সংঘটিত হৈছিল এক মৰ্মান্তিক, শিহৰণকাৰী, ৰহস্যজনক শিশু হত্যাকাণ্ডৰ ঘটনা।

মিলটোৰ কৰ্মচাৰী মজনু আলীয়ে ৮ বছৰীয়া ৰছিদ আনছাৰি নামৰ কিশোৰক কাঠফলা মেচিনেৰে ইচ্ছাকৃতভাৱে মূৰত হেচি ধৰি হত্যা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল শিশুটোৰ পৰিয়ালে।

এই শিহৰণকাৰী ঘটনাক লৈ জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মজনু আলীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ বাবে সৰ্বত্ৰে দাবী উঠিছিল। অৱশেষত ১৫ দিনৰ অন্তত পলাতক মজনু আলীক গ্ৰেপ্তাৰ কৰে সাপমাৰি আৰক্ষী‌য়ে।

আনহাতে পৰিয়ালে দাখিল কৰা এজাহাৰত নাম উল্লেখ থকা ছফিকুল ইছলাম নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাতৰি লিখা পৰলৈ ধৃত অভিযুক্ত গৰাকীয়ে কোনো ভাষ্য সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা নাই।

Exit mobile version