Bhabanipur:ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

শংকৰদেৱ শিশু নিকেতনে জাতীয় সভ্যতা, সংস্কৃতিৰ সুৰক্ষাৰ শিক্ষা দিছে"- বিধায়ক ফনীধৰ তালুকদাৰ, উন্নত মানদণ্ডৰ মানৱ সম্পদ উৎপাদনে শক্তিশালী কৰিব ৰাষ্ট্ৰৰ ভৱিষ্যতৰ নিৰ্মাণ কাৰ্য"- ড° মুকুন্দ শৰ্মা

bhabanipur

Bhabanipur:

“অসমত শংকৰদেৱ শিশু নিকেতনবোৰে শিক্ষাৰ্থীক পাঠ্যক্ৰমৰ শিক্ষা প্ৰদানৰ উপৰিও আধ্যাত্মিক আৰু বৌদ্ধিক জ্ঞানৰ শিক্ষাদানেৰে মানৱ সম্পদৰ বিকাশৰ ক্ষেত্ৰখনক বহু আগুৱাই নিছে।

শংকৰদেৱ শিশু নিকেতনে দেশৰ জাতীয় সভ্যতা আৰু সংস্কৃতিৰ সুৰক্ষাৰ শিক্ষা দিছে।অসমৰ জাতীয় জীৱনক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত শংকৰদেৱ শিশু নিকেতনে বিশেষ ভূমিকা গ্ৰহণ কৰি আছে ।”- এইদৰে কয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত নিকেতনৰ নতুন প্ৰেক্ষাগৃহ উদ্বোধন কৰি দিয়া ভাষণত।

বিধায়ক ফনীধৰ তালুকদাৰে ৰূপালী জয়ন্তীৰ সামৰণি উৎসৱৰ স’তে সংগতি ৰাখি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ নতুন প্ৰেক্ষাগৃহটো উদ্বোধন কৰে।আনহাতে ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত প্ৰণীতা মেধিৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই কয় যে- “ছাত্ৰ-ছাত্ৰীক পূৰ্ণাংগ পৰ্যায়ৰ মানুহ অৰ্থাৎ মানৱ সম্পদৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত অভিভাৱক-অভিভাৱিকা আৰু শিক্ষক-শিক্ষয়িত্ৰী সমানেই শ্ৰম আৰু ত্যাগ কৰিব লাগিব।

কাৰণ এখন উন্নয়নমূলক ৰাষ্ট্ৰ নিৰ্মাণ হ’ব লাগিলে উচ্চমানৰ মানৱ সম্পদ লাগিব।উন্নত মানদণ্ডৰ মানৱ সম্পদৰ উৎপাদনে শক্তিশালী কৰিব ৰাষ্ট্ৰৰ নিৰ্মাণ কাৰ্য”।ড° মুকুন্দ শৰ্মাই তেওঁৰ ভাষণত “স্মৃতিগ্ৰন্থই এটা অনুষ্ঠানৰ লগতে বৃহত্তৰ এখন সমাজ জীৱনৰ প্ৰতিচ্ছৱিক স্থায়ীভাৱে জীয়াই ৰাখে”- বুলিও কয়।স্মৃতিগ্ৰন্থ উন্মোচনী সভাত পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ মনোজ কলিতা,সমন্বয়ক ধীৰাজ শৰ্মায়ো অতিথিৰূপে বক্তৃতা প্ৰদান কৰে।

আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত আজি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন,বন্দনা পৰিবেশন,পতাকা উত্তোলন,মঞ্চ উদ্বোধন,থিয়নাম পৰিবেশন,স্মৃতি তৰ্পণ,সাংস্কৃতিক সমাৰোহ আদি কাৰ্যসূচী ৰূপায়িত হয়।

দুপৰীয়া বঁটা বিতৰণী সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।কাইলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন,অন্তৰংগ আলাপ,আলোচনাচক্ৰ,মুকলি সভা, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।

Exit mobile version