Rajasthan Assembly Election: ৰাজস্থানত পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ

১৯৯ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া, সন্ধিয়া ৬ বজালৈ অব্যাহত থাকিব ভোটদান, ৫.২৫ কোটি ভোটাৰে নিৰ্ণয় কৰিব ১,৮৬২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

rajasthan 2

Rajasthan Assembly Election:

ৰাজস্থানত পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ ১৯৯ টা বিধানসভা সমষ্টিৰ বাবে ৫.২৫ কোটি ভোটাৰে নিৰ্ণয় কৰিব ১,৮৬২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

আনহাতে ভোটদান প্ৰক্ৰিয়া অন্ত পৰিব সন্ধিয়া ছয় বজাত ৷ নিৰ্বাচনী আয়োগে সদৰি কৰা মতে দিনৰ ডেৰ বজালৈ ভোটদানৰ হাৰ ৪০.২৭ শতাংশ ৷নিৰ্বাচন আৰম্ভ হোৱাৰ প্ৰায় ৪-৫ ঘন্টাত ২৫ শতাংশ লোকে ভোটদান সাব্যস্ত কৰিছে ।

উল্লেখ্য যে,পুৱা ১১ বজালৈ ৰাজস্থান বিধানসভা নিৰ্বাচনত ২৪.৭৪ শতাংশ লোকে ভোটদান কৰিছিল।

আনহাতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে চাৰ্দাৰপুৰ সমষ্টিত ভোটদান সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়ালসহ খোজকাঢ়ি ভোট কেন্দ্ৰলৈ আহে ৷ ভোটদান কৰাৰ পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত গেহলোটে কয় যে, ৰাজস্থানত পুনৰ কংগ্ৰেছ দখললৈ আহিব আৰু আজিৰ পৰা বিজেপি অদৃশ্য হ’ব ৰাজ্যৰ পৰা ৷

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাজস্থানৰ কোটাত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ভোটদান কৰি সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰতি গৰাকী ভোটাৰে ভোট কেন্দ্ৰলৈ আহি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগে ৷

ইপিনে ৰাজ্য খনত পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গ্ৰহণৰ মাজতে কেতবোৰ ভোট কেন্দ্ৰত ইভিএম মেচিন বিকল হোৱাৰ খবৰ আহিছে ৷ কোটা,বুন্দি,ভৰতপুৰ দিদৱানা আৰু জালোৰ জিলাৰ কে’বাটাও কেন্দ্ৰত ইভিএম মেচিন বিকল হোৱাৰ বাবে ভোটগ্ৰহণ পলমকৈ অনুষ্ঠিত হয় ৷

আনহাতে ভোটদান পৰ্ব আৰম্ভ হোৱাৰ মাজতে ৰাজস্থানৰ পালি জিলাত এটা ৰাজনৈতিক দলৰ এজন এজেণ্টৰ মৃত্যু হয় । জানিব পৰা মতে ভোট কেন্দ্ৰতে তেওঁ অজ্ঞান হৈ পৰে ৷ ততাতৈয়াকৈ হাস্পাতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত লোকজনৰ নাম শান্তি লাল ৷ হৃদজনিত ৰোগত মৃত্যু হোৱা বুলি সন্দেহ কৰে চিকিৎসকে ৷

Exit mobile version