Guwahati Traffic Police Pressmeet :কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ

বৰ্ষাপাৰাত হ'বলগীয়া খেলৰ বাবে পথ নিৰ্দেশনা ট্ৰেফিক পুলিচৰ, মানীবেগ-ম'বাইলৰ বাহিৰে ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব আন কোনো সামগ্ৰী

trafic dcp pressmeet

Guwahati Traffic Police Pressmeet :

মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ ৷ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া খেল খনৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে মহানগৰ প্ৰশাসনে ৷

আজি এক সংবাদমেলত গুৱাহাটী যানবাহন আৰক্ষীৰ উপায়ুক্ত জয়ন্ত ভাৰতী বৰাই খেলৰ বাবে পথ নিৰ্দেশনা সদৰি কৰি কয় মহানগৰীৰ সদাব্যস্ত এ কে আজাদ ৰোড, এ কে দেৱ ৰোডত দিনৰ ১২ বজাৰ পৰা বন্ধ থাকিব ব্যৱসায়িক বাহনৰ চলাচল ৷ একেদৰে ফটাশিল- আমবাৰীৰ চাইকেল ফেক্টৰীৰ পৰা লখৰালৈ পথটো ৱান ৱে’ কৰা হৈছে ৷

ডিচিপি গৰাকীয়ে আৰু কয় যে, এ কে আজাদ ৰোডৰ চাইকেল ফেক্টৰী, লুটুমা খেলপথাৰত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ বাবে কৰা হৈছে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা৷ আনহাতে গণেশপাৰা, দতালপাৰা ফিল্ড, চম্পাৱতী ফিল্ড, আমবাৰী,ৰোলিং মিল আৰু সাওকুছিতো কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা

উল্লেখ্য যে, বৰ্ষাপাৰাত হ’বলগীয়া ক্ৰিকেট খেলৰ নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে ষ্টেডিয়ামৰ ভিতৰলৈ মানীবেগ-ম’বাইলৰ বাহিৰে আন সামগ্ৰী নিয়াটো বাৰণ কৰিছে ৷

Exit mobile version