Heavy Rains in Gujarat , kill 20 People:গুজৰাটত প্ৰৱল বৃষ্টিপাত , মৃত্যু ২০ জনকৈ লোকৰ

gujarat

Heavy Rains in Gujarat , kill 20 People:

গুজৰাটত যোৱা কে’বাদিন ধৰি অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ লগতে প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগত অহা বতাহে ৰাজ্য খনৰ প্ৰায়বোৰ স্থানত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে ৷

মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে বজ্রপাতত মৃত্যু হয় ২০ জনকৈ লোকৰ। উল্লেখ্য যে,প্ৰৱল বৰষুণৰ বাবে কেতবোৰ স্থানত সৃষ্টি হোৱা কৃত্ৰিমবানে হাহাকাৰময় পৰিস্থিতিৰ ৷

আনহাতে,প্ৰৱল বৃষ্টিপাতত মৃত্যু হয় ৪০ টা পশুধনৰ ৷ একেদৰে নেৰানেপেৰা বৰষুণত ৰাজ্য খনৰ বস্ত্ৰনগৰী চুৰাট ৰাজধানী চহৰ আহমেদাবাদ,পঞ্চমহল, খেদা, চাবৰকান্থা ,আমৰেলী, সুৰেন্দ্ৰনগৰ, মেহছানা, বোটাদ আদি জিলাত ব্যাপক ক্ষয়ক্ষতি হয় ৷

আহমেদাবাদস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উপকুলীয় দক্ষিণ গুজৰাটৰ উপকুলীয় অঞ্চলৰ মাছমৰীয়া সকলক আৰৱ সাগৰত মাছ মাৰিবলৈ বাৰণ কৰিছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰই আশংকা কৰা মতে ,উপকুলীয় অঞ্চলত ঘন্টাত ৬০ কিলোমিটাৰ বেগত বতাহ অহাৰ সম্ভাৱনা আছে ৷

Exit mobile version