New Disease In China:চীনত দেখা দিয়া নতুন ৰোগত নাই অচিন ভাইৰাছ

বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্বেগ নস্যাৎ বেইজিঙৰ

china 1

New Disease In China:

সম্প্রতি হাওঁফাওঁৰ সংক্ৰমণৰ সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে চীনত। বিশেষকৈ দেশখনৰ উত্তৰ আৰু দক্ষিণ অংশত নিউম’নিয়াৰ উপসর্গযুক্ত এই ৰোগত আক্রান্ত হৈছে বহু সংখ্যক শিশু।

এই সন্দৰ্ভত চীন চৰকাৰক তথ্য দিবলৈ আহ্বান জনাইছিল বিশ্ব স্বাস্থ্য সংস্থা (হু)ই। অৱশ্যে উদ্বেগত ভোগা ‘হু’ৰ অনুৰোধত কাৰ্যতঃ সঁহাৰি নজনাই চীনে কেৱল জনাইছে যে এই অসুস্থতাৰ নেপথ্যত কোনো নতুন বা ‘অস্বাভাৱিক’ জীৱাণু বা ভাইৰাছৰ সংক্ৰমণৰ চিহ্ন পোৱা নাই ৷

বিগত অক্টোবৰৰ মাজভাগৰ পৰা চীনত শিশুৰ মাজত এই নতুন অসুস্থতাৰ বিষয়টো দৃষ্টিগোচৰ হয় ‘হু’ৰ। যদিও চীনে দাবী কৰিছে যে এই অচিন নিউম’নিয়া তথা ইনফ্লুৱেঞ্জাৰ সাম্প্ৰতিক প্ৰকোপৰ নেপথ্যত আছে কিছুমান পৰিচিত বতৰীয়া ভাইৰাছ।

যোৱা বুধবাৰে চীনৰ স্বাস্থ্য সংক্রান্তীয় একাধিক সংস্থা আৰু হাস্পতালৰ স’তে টেলি-কনফাৰেন্সত আলোচনা হয় ‘হু’ৰ। তাৰ পাছতে এক বিবৃতিত বিশ্ব স্বাস্থ্য সংস্থাই কয়, ‘চীন কর্তৃপক্ষই জনাইছে যে বেইজিং আৰু লিয়াওনিঙৰ দৰে স্থানত নতুন বা অস্বাভাৱিক জীৱাণুৰ সন্ধান পোৱা নাই।

কোনো অস্বাভাৱিক স্বাস্থ্য-সংকটৰ সৃষ্টি হোৱা নাই।’ ‘হু’ৱে লগতে জনাইছে যে ভৱিষ্যতে চীন কর্তৃপক্ষৰ স’তে যোগাযোগ ৰাখি তেওঁলোকে সংক্ৰমণৰ গতি প্রকৃতিৰ তথ্য সদৰী কৰিব। লগতে ‘হু’ৱে দুটামান পৰামৰ্শও দিছে।

ইয়াৰ ভিতৰত আছে ফ্লু, ক’ভিড আৰু হাওঁফাওঁৰ অন্যান্য ৰোগৰ প্ৰতিষেধক লৈ থোৱা, অসুস্থসকলৰ পৰা দূৰত থকা তথা অসুস্থ হ’লে ঘৰতে থকা, প্রয়োজন অনুসাৰে পৰ্যাপ্ত পৰীক্ষা আৰু চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা, মাস্ক পৰিধান কৰা, হাত ধোৱা ইত্যাদি।

সম্প্রতি চীনলৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা-নিষেধ জাৰি নকৰিলেও অসুস্থসকলক চীনৰ বাহিৰৰ আন ঠাইলৈ যাবলৈ প্রায় নিষিদ্ধ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

Exit mobile version