Composite Gas Cylinder:বজাৰৰ পৰা শীৰ্ঘেই নোহোৱা হ’ব এল পিজি লোহাৰ চিলিণ্ডাৰ

নতুনকৈ প্ৰৱেশ ঘটিব কম্পোজিট গেছ চিলিণ্ডাৰ, কেন্দ্ৰীয় চৰকাৰে লৈছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

lpg

Composite Gas Cylinder:

আপোনাৰ ঘৰত ব্যৱহ্ত হৈ থকাৰ লোহাৰৰ এল পিজি গেছ চিলিণ্ডাৰ শীৰ্ঘেই বিলুপ্ত ঘটিব ৷ তাৰ ঠাইত প্ৰৱেশ ঘটিব কম্পোজিট গেছ চিলিণ্ডাৰ ৷ ইতিমধ্যে এই সমন্ধীয় সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে

উল্লেখ্য যে,এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ স’তে বায়মেট্রিক ডাটা সংযোজন কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ সেই অনুসৰি নতুনকৈ গেছৰ কানেকচন লোৱা উপভোক্তা সকলে এতিয়াৰ পৰা লাভ কৰিব কম্পোজিট গেছ চিলিণ্ডাৰ ৷

ইতিমধ্যে কেন্দ্ৰই এই ক্ষেত্ৰত যাবতীয় নিৰ্দেশনা দিছে দেশৰ সকলো এলপিজি ডিলাৰক ৷
স্মতৰ্ৱ্য যে,উপভোক্তাৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কম্পোজিট গেছ চিলিণ্ডাৰৰ ব্যৱস্থা কৰিছে কেন্দ্ৰই ৷ একেদৰে নতুন চিলিণ্ডাৰ ব্যৱহাৰত আছে অইন কেতবোৰ সুবিধাও। কম্পোজিট গেছ চিলিণ্ডাৰ অতি পাতল। যাৰবাবে অতি সহজেই এঠাইৰ পৰা আন ঠাইলৈ সহজেই দাঙি নিব পাৰি ৷

বিশেষকৈ ডাঙৰ সুবিধা হৈছে এই চিলিণ্ডাৰ বিস্ফোৰণ হ’লেও কোনো ডাঙৰ হানিবিঘিণি নহয় ৷

মনকৰিবলগীয়া যে, নতুনকৈ গেছ চিলিণ্ডাৰ ল’বলৈ উপভোক্তাই খৰচ কৰিব লাগিছিল ২২০০ টকা ৷ কিন্ত শেহতীয়াকৈ নতুনকৈ এন্টি হোৱা কম্পেজিট গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত দাম বৃদ্ধি হবগৈ অতিৰিক্ত তিনি হেজাৰ টকা ৷ প্ৰতিটো চিলিণ্ডাৰৰ ক্ষেত্ৰত খৰচ হ’ব আঠশ টকাকৈ ৷ দুটা চিলিণ্ডাৰ ল’লে ব্যয় হ’ব মুঠ ষোল্লশ টকা ।

নতুন নিৰ্দেশনা অনুসৰি প্ৰতিজন গ্ৰাহকে এলপিজি কানেকচন ল’বলৈ কম্পোজিট চিলিণ্ডাৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে ৷ অৱশ্যে এলপিজি লোহাৰ গেছ চিলিণ্ডাৰ পোৱা যাব পাঁচ কিলোগ্ৰামত ৷

Exit mobile version