Ulfa(I) Cadre Surrender:ডিজি পি জি সিঙৰ উপস্থিতিত আত্মসমর্পণ চাৰি আলফা (স্বাঃ)ৰ কেডাৰ

অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰৰত আত্মসমৰ্পণ কেডাৰ চাৰিজনৰ

ulfa surrender

Ulfa(I) Cadre Surrender:

আলফা স্বাধীনৰ মোক্ষম আঘাত। চাৰি দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ ৷ মহানগৰীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰত ডি জি পি জি পি সিঙৰ আগত বুধবাৰে দুপৰীয়া আত্মসমৰ্পণ কৰে চাৰি আলফা স্বাধীনৰ কেডাৰ ক্ৰমে দীপক হাতীবৰুৱা ওৰফে দিব্য অসম, মণ্টু মৰাণ ওৰফে লেটেষ্ট অসম, পলাশ মৰাণ ওৰফে গোপাল অসম, নয়ন পাটমাউট ওৰফে বিক্ৰম অসমে ৷ ডিজিপি সিঙে আত্মসমৰ্পণ কৰা কেডাৰ কেই’গৰাকীক ফুলাম গামোচা পিন্ধাই আদৰণি জনাই ৷

আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত আছিল কে’বা গৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া ৷
আত্মসমৰ্পণ অনুষ্ঠানত ডিজি পিয়ে কয় যে,’এয়া আত্মসৰ্মপণ নহয়, ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছে’।

Exit mobile version