APSC SCAM:জালিয়াতিৰে এপিএছচিৰ চাকৰি লোৱা পলাতক বিষয়া ৰাকেশ দাসক গ্রেপ্তাৰ

আৰক্ষীৰ জেৰাত ৰাকেশ দাসে ইংৰাজীত লিখিব পৰা নাছিল নলবাৰী আদি শব্দ, এপিএইছৰ উত্তৰ বহীৰ হাতৰ আখৰৰ লগত মিল নাই ৰাকেশ দাসৰ হাতৰ আখৰ

rakesh das 1

APSC SCAM:

অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০১৩ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হৈ ৰাজপত্ৰিত বিষয়া হোৱা ৰাকেশ দাসক বুধবাৰে নিশা বিশেষ তদন্তকাৰী গোটে গ্রেপ্তাৰ কৰে।

মহানগৰীৰ ছয়মাইলৰ এটা ঘৰত নিয়োগ বিষয়াজনে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি এছআইটিৰ এটা দলে অভিযান চলায়। লগে লগে বিষয়াজনে আত্মৰক্ষাৰ বাবে তৰা-নৰা ছিঙা দৌৰ মাৰে।

অসৎ উপায়েৰে ৰাজপত্ৰিত বিষয়াৰ চাকৰি সংগ্ৰহ কৰি ৰাজভোগ খাই থকাৰ পাছত সাধাৰণ চোৰৰ দৰে এনেদৰে পলায়ন কৰিব বিচৰা ঘটনাই সকলোকে আমোদ দিয়াৰ লগতে নিযুক্তিৰ নামত এপিএছচিত ৰাকেশ পালৰ নেতৃত্বত চলা কদর্য কাণ্ডক পুনৰবাৰ উদঙাই দিলে। দৌৰি পলায়নৰ সময়ত গাৰ বস্ত্র পর্যন্ত সুলকি পৰাৰ উপক্রম হয় ৷ কেইদিনমান মাত্র আগলৈ মহানগৰীৰ ৰিহাবাৰীৰ কাৰ্যালয়ত বৰ্মতা দেখুৱাই থকা এইজন বিষয়াৰ।

উল্লেখ্য যে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে এপিএছচিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ সহায়ত ৰাকেশ দাসে সহযোগী সেৱাৰ নিয়োগ বিষয়াৰ চাকৰিটো সংগ্রহ কৰিছিল। সম্প্রতি ৰাকেশ দাস ৰিহাবাৰীস্থিত নিয়োগ সঞ্চালকৰ কার্যালয়ত ‘স্পেচিয়েল আনস্কিল্ড – এপ্লিকেন্ট’ শাখাৰ নিয়োগ বিষয়া হিচাপে কৰ্মৰত।

উত্তৰ বহী আৰু টেবুলেছনত জালিয়াতিৰে চাকৰি সংগ্রহ কৰা ৰাকেশ দাসে বিশেষ তদন্তকাৰী গোটৰ হাতত ধৰা ‘নপৰিবলৈকে শেহতীয়াকৈ কর্মক্ষেত্র এবি আত্মগোপন কৰিছিল। আত্মগোপন কৰা অৱস্থাতে গ্রেপ্তাৰৰ পৰা হাত সাৰিবলৈ আইনী সাহায্য পোৱাৰ চেষ্টাও চলাই আছিল |

কিন্তু শেষ ৰক্ষা নহ’ল। সাধাৰণ চোৰৰ দৰে পলায়ন কৰিলেও অলপ দূৰ যোৱাৰ পাছতে আৰক্ষীয়ে জপটিয়াই ধৰিবলৈ সক্ষম হয়। ৰাকেশ দাসক গ্রেপ্তাৰৰ জৰিয়তে এপিএছচিৰ ২০১৩ৰ পৰীক্ষাত জালিয়াতিত লিপ্ত তৃতীয়জন বিষয়াক গ্ৰেপ্তাৰ এছআইটিৰ ৷

উল্লেখ্য যে,আৰক্ষীৰ জেৰাত ৰাকেশ দাসে ইংৰাজীত লিখিব পৰা নাছিল নলবাৰী, চাইকলজী আদি শব্দ। ইতিমধ্যে প্ৰমাণ হৈছে যে পৰীক্ষাৰ উত্তৰ বহীৰ হাতৰ আখৰৰ লগত মিল নাই ৰাকেশ দাসৰ হাতৰ আখৰ।

আনহাতে আজি আদালতলৈ যোৱাৰ সময়ত ৰাকেশ দাসে সাংবাদিকৰ আগত কয় যে- পৰীক্ষাত বহিছিলো, কিন্তু একো লিখা নাছিলো। অৰ্থাৎ ৰাকেশ দাসৰ চাৰিখনকৈ উত্তৰ বহীয়েই আছিল ভুৱা। ইয়াৰ লগে লগে পুনৰ স্পষ্ট হ’ল এপিএছচিৰ ভয়ংকৰ জালিয়াতিৰ কথা ৷

Exit mobile version