Body Of Young Woman Found In Flat In Guwahati:মহানগৰীত ফ্লেটত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ

অভিজাত এপাৰ্টমেণ্টৰ ফ্লেট উদ্ধাৰ হোৱা যুৱতী গৰাকী মেঘালয়ৰ

deadbody recover

Body Of Young Woman Found In Flat In Guwahati:

মহানগৰীৰ হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়াঘৰত অনুস্কা শইকীয়া নামৰ বিউটীচিয়ান গৰাকীৰ ৰহস্যজনক মৃত্যু ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ আন এক অনুৰূপ ঘটনা সংঘটিত হয় হাতীগাঁৱৰ এটা অভিজাত এপাৰ্টমেণ্টৰ ফ্লেটত ৷

হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ ৩ এ নম্বৰৰ ফ্লেটত পুনৰ উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

মৃত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো মেঘালয়ৰ ঋত্বিকা সোণাৰ নামৰ যুৱতী এগৰাকী বুলি চিনাক্ত কৰা হয় ৷

উল্লেখ্য যে,চুবুৰীয়া মেঘালয়ৰ যুৱতী ঋত্বিকা সোণাৰৰ স’তে অভিজাত ফ্লেটটোত একেলগে লিভিঙত আছিল ৰূপেশ ৰয় নামৰ পশ্চিমবংগৰ যুৱক এজন ৷

ইতিমধ্যে এপাৰ্টমেণ্টটোত হাতীগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত ৷

এপাৰ্টমেণ্টৰ আবাসীয়ে সদৰি কৰা মতে,যোৱা নিশা ৰূপেশ আৰু ঋত্বিকাৰ মাজত কিবা বিষয়ক লৈ দুৰ্বাদল কাজিয়া হৈছিল ৷

অৱশেষত আজি ৰহস্যজনক অৱস্থাত ফ্লেটত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ ৷ এইয়া আত্মহত্যা নে ,পৰিকল্পিত হত্যাকাণ্ড এই সন্দৰ্ভত মৰনোত্তৰ পৰীক্ষাতহে সকলো তথ্য পোহৰলৈ আহিব বুলি উল্লেখ কৰে তদন্তকাৰী আৰক্ষীয়ে ৷

Exit mobile version