Lidu Coal Businessman House Raid By Income Tax:লিডুত আয়কৰ বিভাগৰ ব্যাপক অভিযান

চিআৰপিএফৰ বেষ্টনীৰ মাজত তিনি কুখ্যাত কয়লা মাফিয়াৰ বাসগৃহ অভিযান

income tax raid

Lidu Coal Businessman House Raid By Income Tax:

মার্ঘেৰিটাৰ লিডুত শুক্ৰবাৰে পুৱাৰে পৰা তিনিজনকৈ কুখ্যাত কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগে অভিযান চলাই ৷

চিআৰপিএফৰ বেষ্টনীৰ মাজত কয়লা মাফিয়া কেইজনৰ বাসগৃহত অভিযোগ চলোৱা সময়ত কোনো লোকক ভিতৰৰ পৰা ওলোৱা আৰু বাহিৰৰ পৰা প্ৰৱেশত বাধাৰোপ কৰা হৈছে ৷

উল্লেখ্য যে,কয়লাৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত আয়কৰে কুখ্যাত কয়লা মাফিয়া  সুনীল গুৰুং আৰু বি গণেশ আৰু গোবিন ছেত্ৰীৰ বাসগৃহত চলোৱা হৈছে তালাচী
প্ৰাপ্ত খবৰ অনুসৰি আয়কৰ বিভাগৰ বিষয়া দলটোৱে অভিযানকালত জব্দ কৰিছে কেতবোৰ নথিপত্ৰ ৷ উদ্থাপিত অভিযোগ অনুসৰি ধুৰন্ধৰ কয়লা মাফিয়া কেইজনে লিডুত অবৈধ কয়লা ব্যৱসায়ৰ এক বৃহৎ সাম্ৰাজ্য গঢ়ি সংগ্ৰহ কৰিছে কোটি কোটি টকা ৷

কিন্ত ইয়াৰ বিপৰীতে সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ আয়ৰ বিপৰীতে তেওঁলোকৰ বিৰুদ্ধে কৰ ফাঁকি দি অহা বুলি সময়ে সময়ে উদ্থাপিত হৈছিল অভিযোগ ৷

Exit mobile version