Massive Corruption In Soil Conservation: ভূমি সংৰক্ষণৰ বিয়াগোম দুর্নীতি গাপ দি ৰখাৰ চেষ্টা অতিৰিক্ত মুখ্য সচিবৰ

দুর্নীতিগ্রস্ত আখতাৰ হুছেইনক পৰিকল্পনা বিষয়াৰূপে অতিৰিক্ত দায়িত্ব দি লুণ্ঠন, দুর্নীতিৰ ফাইল আহিলেই লুকুৱাই থুৱোৱাৰ অভিযোগ

akhtar hussain 1

Massive Corruption In Soil Conservation:

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাৰ কার্যকালত বিভিন্ন চৰকাৰী বিভাগত চৰম অৰাজকতাৰ পৰিৱেশ গঢ় লৈ উঠিছে। বিভাগীয় মন্ত্রী উর্ধ্বাও গৌৰা ব্রহ্মক অন্ধকাৰত ৰাখি দুর্নীতিৰ বৰঘৰলৈ পৰিণত হোৱা ভূমি সংৰক্ষণ সঞ্চালকালয়ত এজন শীর্ষ আইএএছ বিষয়াৰ আশিসধন্য দুর্নীতিগ্রস্ত এজন বিষয়াই অতিৰিক্ত দায়িত্ব লৈ দুর্নীতিৰ পোহাৰ মেলাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে ভূমি সংৰক্ষণ বিভাগৰ বৰাকৰ দায়িত্বৰ উপৰি দিছপুৰৰ আশীর্বাদত ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ পৰিকল্পনা বিষয়াৰূপে অতিৰিক্ত দায়িত্বত কার্যনির্বাহ কৰি থকা আখতাৰ হুছেইনে ৰাজ্যৰ বিভিন্ন প্রান্তত আঁচনি ৰূপায়ণৰ নামত সংঘটিত কৰি অহা বিয়াগোম বিত্তীয় কেলেংকাৰিৰ অভিযোগসমূহ ইতিমধ্যে প্রকাশ পাই আহিছে।

সম্প্রতি ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ উঠি ৰজা বহি ৰজা এইজন দুর্নীতিগ্রস্ত বিষয়াই এইবাৰো নির্দিষ্ট ঠিকাদাৰক আঁচনিৰ আবন্টন দি পুনৰ ৰাজকোষৰ কোটি কোটি টকা লুণ্ঠনৰ ফন্দি পতাৰ তথ্য পোহৰলৈ আহিছে ।

সমান্তৰালভাবে এই দুর্নীতিগ্রস্ত বিষয়াজনক ভূমি সংৰক্ষণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্রসাদে ৰক্ষণাবেক্ষণ দি অহাৰ গুৰুতৰ তথ্য তথা অভিযোগ পোহৰলৈ আহিছে।

দিছপুৰৰ লগতে ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ কে’বাটাও সূত্রই অভিযোগ কবা অনুসৰি, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰৰ আশিসধন্য আখতাৰে বিভাগ তথা সঞ্চালকালয়ৰ কোনো এজন বিষয়াকে কেৰেপ নকৰে।

স্বয়ং সঞ্চালকে আখতাৰৰ ভয়ত কম্পমান হৈ থাকে বুলি সূত্রত প্রকাশ। উল্লেখ্য যে আখতাৰে নগাঁও আৰু ডিব্ৰুগড়ত জিলা বিষয়া হৈ থকাৰ সময়ত সংঘটিত কৰা কে’বাটাও দুর্নীতিৰ অভিযোগ তথ্যসহ ভূমি সংৰক্ষণ সঞ্চালক, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ, অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই লাভ কৰিছিল।

ৰহস্যজনকভাবে এই দুর্নীতিৰ তদন্ত আজিকোপতি নহ’ল আৰু বৰঞ্চ বিষয়াজনক পৰিকল্পনা বিষয়াৰূপে অতিৰিক্ত দায়িত্ব দি পুৰস্কৃতহে কৰা হ’ল। এক অজ্ঞাত শক্তিৰ বলত উঠি বজা বহি বজা তথা শেহতীয়াকৈ বিধায়ক হোৱাৰ স্বপ্নৰে এটা বিৰোধী ৰাজনৈতিক দলত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰা আখতাৰৰ আন বহু গোপন তথ্য পোহৰলৈ আহিছে।

সূত্ৰত প্রকাশ যে অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰৰ স’তে আখতাৰ অতি ঘনিষ্ঠ আৰু আখতাৰৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগৰ ফাইল আহিলেও বিষয়াজনে কোনো গুৰুত্ব প্রদান নকৰে। আনকি অতিৰিক্ত মুখ্য সচিবজনক অভিযোগৰ ফাইল দিবলৈ যোৱা সংশ্লিষ্ট বিষয়াকো আখতাৰে ককৰ্থনাহে কৰে।

সূত্রটোৱে অভিযোগ তুলি কয় যে আখতাৰৰ বিকদ্ধে দুর্নীতিৰ অভিযোগৰ ফাইল লৈ গ’লে ৰবি শংকৰে বেয়া পায়। আনকি বিষয়াজনে এনে কে’বাটাও ফাইল দলিয়াই দিয়াৰো অভিযোগ আছে।

ফলত আখতাৰৰ বিৰুদ্ধে বহুকেইটা দুর্নীতিৰ অভিযোগ তথ্যসহ লাভ কবিও মৌন হৈ থকা অতিৰিক্ত মুখ্যসচিব ৰবি শংকৰে এই দুর্নীতিসমূহ গাপ দি ৰাখিবলৈও চেষ্টা অব্যাহত ৰাখিছে।

সূত্ৰত প্রকাশ যে এনে অভিযোগসমূহ বিভাগীয় মন্ত্ৰীৰ দৃষ্টিৰ পৰা আঁতৰাই ৰখা হয় আৰু সঞ্চালকালয়ৰ আন, বিষয়াকো এই ক্ষেত্রত নির্দেশ প্রদান কৰা হয়। কিন্তু মুখ্যমন্ত্রী ড: শৰ্মা চৰকাৰৰ কাৰ্যকালত আখতাৰে সংঘটিত কৰা এটাৰ পাছত আনটো দুর্নীতিৰ অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্রহণ নকৰাত আচৰিত হৈ পৰিছে ভুক্তভোগী তথা অভিযোগ দাখিল কৰা লোকসকল।

আনকি নগাঁৱৰ এজন ভুক্তভোগীক স্বয়ং ভূমি সংৰক্ষণ বিভাগৰ শীৰ্ষ বিষয়াই ফোন কৰি এতিয়া আখতাৰৰ বিকদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ।

ফলত আখতাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত আত্মসাৎ কৰা কোটি কোটি টকাৰ ভাগ যে দিছপুৰৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ শীর্ষ বিষয়াই লাভ কৰে, এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে আৰু ভুক্তভোগীয়ে ন্যায় ব্যৱস্থাৰ প্রতি আস্থা হেৰুৱাই পেলাইছে।

Exit mobile version